APDCLৰ নিযুক্তি পৰীক্ষাত বেমেজালি! বিজুলী ভৱনৰ ষ্ট্ৰং ৰুমত তদন্তকাৰী গোট ,কি পালে অভিযানত?

News18 Assam | News18-Assam
Updated:December 9, 2020, 4:48 PM IST
APDCLৰ নিযুক্তি পৰীক্ষাত বেমেজালি! বিজুলী ভৱনৰ ষ্ট্ৰং ৰুমত তদন্তকাৰী গোট ,কি পালে অভিযানত?
Source-Google

২৮ এপ্ৰিল ২০১৯ ! ৰাজ্যৰ শক্তি বিভাগৰ বিগত প্ৰায় ২০ মাহ পূৰ্বে অনুষ্ঠিত হৈছিল নিযুক্তি পৰীক্ষা ৷

  • Share this:
২৮ এপ্ৰিল ২০১৯ ! ৰাজ্যৰ শক্তি বিভাগৰ বিগত প্ৰায় ২০ মাহ পূৰ্বে অনুষ্ঠিত হৈছিল নিযুক্তি পৰীক্ষা ৷ মুঠ পদৰ সংখ্যা আছিল ১৯৫৭টা ৷ পিছে, বাচনি পৰীক্ষাৰ অনুষ্ঠিত সময়ত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ আনিছিল প্ৰাৰ্থী তথা অভিভাৱকে ৷ যাৰ বিৰুদ্ধে আনকি আদালতৰ ওচৰ চাপিছিল বহু প্ৰাৰ্থী ৷ আৰু এই গোচৰ আদালতৰ মজিয়াত চলি থকাৰ সমানে সমানে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিছিল তদন্ত ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিমা হাজৰিকাক দিছিল তদন্তৰ দায়িত্ব। বিগত প্ৰায় ৬ মাহে অভিযোগলেকাৰীৰ অভিযোগ তথা প্ৰমাণ লিপিবদ্ধ কৰি বুধবাৰে তদন্তকাৰী গোট উপস্থিত হয় বিজুলী ভৱনত। APDCL পৰীক্ষাৰ উত্তৰবহী ৰখা ষ্ট্ৰং ৰুমত অভিযানকাৰীৰ দল উপস্থিত হৈ দিনৰ ১১ বজাৰ পৰা বিয়লি ২ বজালৈ বিভিন্ন দিশ পৰীক্ষা-নিৰীক্ষা কৰে।

পৰীক্ষা কেন্দ্ৰত মোৱাইল ব্যৱহাৰ তথা ষ্ট্ৰং ৰুমত প্ৰশ্ন উত্তৰ পূৰণকে ধৰি বহু অভিযোগ উত্থাপিত হৈ আহিছিল ৷ অৱশ্যে এই সকলোবোৰ চোৱা চিটা কৰিছে যদিও তদন্তৰ খাতিৰত কোনো মন্তব্য আগবঢ়োৱা নাই তদন্তকাৰী দলে ৷

পিছে, প্ৰশ্ন হয় ফ্ৰেব্ৰুৱাৰী মাহতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তদন্ত সমিতি গঠন কৰি এমাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ কিন্তু ৰহস্যজনকভাৱে ৭ মাহ উকলি যোৱাৰ পাছতো এতিয়াও আছে তদন্তৰ প্ৰাথমিক পৰ্যায়তে।
Published by: Himangshu Bhuyan
First published: December 9, 2020, 4:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি