মুখ্যপৃষ্ঠা » খবৰ

» অসম

»APDCL ৰ নিযুক্তি পৰীক্ষাত ভয়ংকৰ বিসংগতি! পৰীক্ষাৰ দায়িত্বত থকা বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ!

APDCL ৰ নিযুক্তি পৰীক্ষাত ভয়ংকৰ বিসংগতি! পৰীক্ষাৰ দায়িত্বত থকা বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ!

News18 Assam | News18-Assam
Updated:September 16, 2021, 9:46 PM IST
APDCL ৰ নিযুক্তি পৰীক্ষাত ভয়ংকৰ বিসংগতি! পৰীক্ষাৰ দায়িত্বত থকা বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ!
মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ অধীক্ষক ৰ'জী কলিতাৰ নেতৃত্বত পুৱাই অভিযান চলিল APDCLৰ মুখ্য কাৰ্যালয় বিজুলি ভৱনত ৷

মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ অধীক্ষক ৰ'জী কলিতাৰ নেতৃত্বত পুৱাই অভিযান চলিল APDCLৰ মুখ্য কাৰ্যালয় বিজুলি ভৱনত ৷

  • News18 Assam
  • Last Updated: September 16, 2021, 9:46 PM IST
  • Share this:
২০১৯ বৰ্ষত এপ্ৰিল মাহত APDCL য়ে অনুষ্ঠিত কৰিছিল এক নিযুক্তি পৰীক্ষা ৷ ১৬০০ পদৰ বাবে অনুষ্ঠিত হোৱা এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৰাজ্যৰ কেইবা লাখ প্ৰাৰ্থী ৷  Field Assistant ৰ বাবে অনুষ্ঠিত হোৱা এই পৰীক্ষাৰ পিছতেই বিতৰ্কত সোমাই পৰিছিল APDCL ৷ পৰীক্ষা চলি থকাৰ সময়তেই Social media  যোগে  ভাইৰেল হৈ পৰিছিল এখন প্ৰশ্নকাকত ৷

সমগ্ৰ বিষটোৰ সন্দৰ্ভত APDCLয়ে কৰা তদন্তত কিন্তু সকলো ঠিকেই আছিল ৷ ইয়াৰ পিছতেই তল পৰিছিল সমগ্ৰ ঘটনা ৷ কিন্তু APDCL য়ে এই পদ সমূহ নিযুক্তি দিবলৈ আগবাঢ়ি গুৱাহাটী বিশ্ববিদ্যালয়ক মূল্যায়নৰ দায়িত্ব দিয়াৰ পাছতেই পুনৰ উত্থাপন হ'ল আন এক গুৰুতৰ অভিযোগ ৷

দায়িত্ব প্ৰাপ্ত বিষয়াই  বৃহৎ ধনৰ বিনিময়ত একাংশ প্ৰাৰ্থীক অধিক নম্বৰ দিয়াৰ  অভিযোগ আনি এজন অজ্ঞাত ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অভিযোগ দিয়াৰ পিছতেই পুনৰ তাৎক্ষণিক ভাৱে তদন্তৰ দায়িত্ব দিয়া হ'ল মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাক ৷ তদন্ত দায়িত্ব লাভ কৰিয়েই বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত  অভিযান চলাই মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই ৷ সোধপোচ কৰিলে বহি মূল্যায়নৰ দায়িত্বত থকা কেইবাজনো ব্যক্তিক ৷

বৃহস্পতিবাৰে আকৌ মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ অধীক্ষক ৰ'জী কলিতাৰ নেতৃত্বত পুৱাই অভিযান চলিল APDCLৰ মুখ্য কাৰ্যালয় বিজুলি ভৱনত ৷ প্ৰায় ৩ ঘণ্টা জোৰা অভিযানত APDCLৰ নিযুক্তি পৰীক্ষাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিক পৃথকে পৃথকে সোধাপোচা কৰে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই ৷

বিজুলি ভৱনৰ OSD কোঠাত সমগ্ৰ বিষয় সন্দৰ্ভত সোধপোচ কৰে কেইবাজনো বিষয়াক ৷ আনহাতে APDCL নিযুক্তি পৰীক্ষা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু তদন্তৰ খাতিৰত অধীক্ষক ৰ'জী কলিতা সমগ্ৰ বিষয়ৰ সন্দৰ্ভত তথ্য সদৰী কৰা নাই যদিও কিন্তু সমগ্ৰ প্ৰক্ৰিয়াত কেতবোৰ বিসংগতি যে হৈছিল সেয়া নুই কৰিব নোৱাৰি ৷ কিয়নো তদন্ত শেষ নোহোৱালৈকে মূল্যায়ন পদ্ধতি বন্ধ ৰখাৰ নিৰ্দেশ দিছে অধীক্ষক ৰ'জী কলিতাই ৷
Published by: Himangshu Bhuyan
First published: September 16, 2021, 9:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি