প্ৰশ্নকাকত ফাদিল হোৱা নাই! APDCLৰ স্পষ্টীকৰণ

পৰীক্ষাৰ ৪৫ মিনিট বা এঘণ্টাৰ পাছতহে মোবাইলৰ জৰিয়তে ফাদিল হোৱা বুলি যুক্তি স্পষ্টীকৰণত। 

news18assam
Updated:April 29, 2019, 6:35 PM IST
প্ৰশ্নকাকত ফাদিল হোৱা নাই! APDCLৰ স্পষ্টীকৰণ
পৰীক্ষাৰ ৪৫ মিনিট বা এঘণ্টাৰ পাছতহে মোবাইলৰ জৰিয়তে ফাদিল হোৱা বুলি যুক্তি স্পষ্টীকৰণত। 
news18assam
Updated: April 29, 2019, 6:35 PM IST
প্ৰশ্নকাকত ফাদিলক লৈ APDCLৰ দায়িত্বহীন মন্তব্য। দুটাকৈ পৰস্পৰ বিৰোধী ভাষ্যৰে ৰাইজক বিভ্ৰান্ত কৰাৰ অপচেষ্টা। প্ৰথমে APDCLৰ প্ৰশ্নকাকত ফাদিল নাই হোৱা বুলি মন্তব্য কৰিছিল যদিও পৰৱৰ্তী সময়ত পৰীক্ষাৰ ৪৫ মিনিট বা এঘণ্টাৰ পাছতহে মোবাইলৰ জৰিয়তে ফাদিল হোৱা বুলি স্বীকাৰ কৰে স্পষ্টীকৰণত।

নিযুক্তি প্ৰক্ৰিয়াত কালিমা সানিবলৈ এয়া ভুৱা অভিযোগ বুলি APDCL কৰ্তৃপক্ষৰ যুক্তি প্ৰদৰ্শন। কৰ্তৃপক্ষৰ দাবী পৰীক্ষাৰ পূৰ্বে কাৰো হাতত খোলা প্ৰশ্নকাকত পৰা নাই। পৰীক্ষাকেন্দ্ৰত মোবাইল নিষিদ্ধ কৰাৰ দাবী তুলে কৰ্তৃপক্ষই। একাংশ পৰীক্ষাৰ্থীয়ে বিশেষ চতুৰালিৰে পৰীক্ষা কেন্দ্ৰত মোবাইল নিয়াৰ অভিযোগ উত্থাপন কৰে কৰ্তৃপক্ষই। কিন্তু বাহিৰৰ পৰা পৰীক্ষা কেন্দ্ৰলৈ উত্তৰ প্ৰেৰণৰ কথা অস্বীকাৰ। মোবাইল পৰীক্ষা কেন্দ্ৰত লৈ যোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰো স্পষ্টীকৰণ দিয়ে কৰ্তৃপক্ষই। মোবাইল নিয়া প্ৰাৰ্থীক লগে লগে বহিষ্কাৰ কৰা হৈছিল। নগাঁও, ডিব্ৰুগড়, উত্তৰ লখিমপুৰ, বঙাইগাঁও, বৰপেটা আৰু তিনিচুকীয়াত আঠজনক আটক কৰা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি