মৰিয়নি সমষ্টিৰ উপনিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে এঘড়ী যুঁজিবলৈ উমৈহতীয়া প্ৰাৰ্থী থিয় কৰোৱাৰ বাবে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ নেতাৰ মাজত কেইবালানিও আলোচনা চলিছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীকে ধৰি বহুকেইগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতাই অখিল গগৈৰ লগত আলোচনাত মিলিত হৈছিল।
কিন্তু আলোচনাই কোনো ফল নধৰাত উপনিৰ্বাচনত দুয়োটা দলৰ মাজত মিত্ৰতা বা উমৈহতীয়া প্ৰাৰ্থী প্ৰদানৰ অধ্যায়ো সিমানতে অন্ত পৰে।উপ–নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া প্ৰতিটো সমষ্টিতে কংগ্ৰেছ আৰু ৰাইজৰ দলে নিজ নিজ প্ৰাৰ্থী থিয় কৰোৱাৰ লগতে শুকুৰবাৰে প্ৰাৰ্থীসকলৰ মনোনয়ন দাখিল হৈ যায়।
আনহাতে কালি মনোনয়ন দাখিলৰ দিনটোত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত তীব্ৰ বাকযুদ্ধ দেখিবলৈ পোৱা গ'ল। মনোনয়ন দাখিল কৰিবলৈ ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈক সংগ দিবলৈ অহা দলৰ সভাপতি অখিল গগৈয়ে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বিজেপিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীক বিশ্বাসঘাতক বুলি মন্তব্য কৰাৰ লগতে কুৰ্মীক এক শিক্ষা দিবলৈ মৰিয়নিবাসীক আহ্বান জনায়।
আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক মৰিয়নিবাসী ৰাইজে চিনি নাপায় লগতে বিজেপিৰ লগত আলোচনা কৰিয়েই কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক মৰিয়নি উপ–নিৰ্বাচনত কংগ্ৰেছে প্ৰক্ষেপ কৰিছে বুলি অভিযোগ উত্থাপন কৰে। অখিল গগৈয়ে "মই ৰাজনীতিত থকা মানুহ হিচাপে আৰু মোৰ গৃহ সমষ্টি মৰিয়নি যদিও আজি পৰ্যন্ত কংগ্ৰেছে যিগৰাকী প্ৰাৰ্থী দিছে নামে শুনা নাই।" বুলি মন্তব্য কৰি কংগ্ৰেছক কঠোৰ সমালোচনা কৰে।
আনফালে অখিল গগৈৰ এনে মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী। কংগ্ৰেছ প্ৰাৰ্থী লোহিত কোঁৱৰৰ সৈতে মনোনয়ন দাখিল কৰিবলৈ যাওঁতে অখিল গগৈয়ে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ৰাণা গোস্বামীৰ পৰা সাংবাদিকে জানিব বিচৰাত জাঙুৰ খাই উঠি কয়– "অখিল গগৈ কোনহে মই চিনি নাপাওঁ।''
''Who is akhil gogoi?'' বুলি ওলোটাই সাংবাদিককহে প্ৰশ্ন কৰে কংগ্ৰেছৰ প্ৰাক্তন বিধায়কগৰাকীয়ে। উল্লেখ্য যে অখিল গগৈ জেলত থকা সময়ত ৰাণা গোস্বামীয়ে চেলেংহাট লুসুৰাখন গাঁওৰ অখিল গগৈৰ বাসগৃহত উপস্থিত হৈ মাতৃ প্ৰিয়দা গগৈৰ স্বাস্থ্য বুজ লোৱাৰ লগতে অখিল গগৈকো কেইবাবাৰো লগ কৰি আলোচনাত মিলিত হৈছিল। উপ–নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক নেতাসকলৰ এনে বাকযুদ্ধই এতিয়া আকৰ্ষণীয় ৰূপ লৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|