• Home
  • »
  • News
  • »
  • assam
  • »
  • প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'লেই ৰাজীৱ ভৱনৰ পইচা মাৰে ! এনে বহু উদাহৰণ পূৰ্বৰ পৰাই আছে: মন্ত্ৰী পীয়ুষ হাজৰিকা

প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'লেই ৰাজীৱ ভৱনৰ পইচা মাৰে ! এনে বহু উদাহৰণ পূৰ্বৰ পৰাই আছে: মন্ত্ৰী পীয়ুষ হাজৰিকা

কংগ্ৰেছৰ সভাপতি হ'লেই ৰাজীৱ ভৱনৰ পইচা মাৰে ৷ এনে বহু উদাহৰণ আগৰ পৰাই আছে ৷ ভুপেন বৰা ডাঙৰীয়াই সেই দুৰ্নামত নপৰিবলৈ মই তেওঁক অনুৰোধ জনাইছো ৷ কংগ্ৰেছে ৰাজীৱ ভৱনত মাল্টিপ্লেক্স নিৰ্মাণ কৰি ভাড়ালৈ দিয়া সন্দৰ্ভত পুনৰ মন্তব্য কৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷

  • Share this:

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজনীতি ত্যাগ কৰি এতিয়া ব্যৱসায়ত নামিছে কংগ্ৰেছ ৷ তেওলোকে ব্যৱসায় কৰিব পাৰিব কিন্তু ৰাইজৰ মাজলৈ যাব নোৱাৰে ৷ কেইটামান টকা পইচা ঘটিব পাৰিব কিন্তু ৰাইজৰ মনত স্থান পাব নোৱাৰে ৷ ইমান বেয়া দিন আহিব তেওলোকৰ আৰু কেতিয়াও চৰকাৰ নহয় ৷ মানুহে আৰু কেতিয়াও তেওলোকক সহায় নকৰে ৷ গতিকে তেওলোকে যদি ব্যৱসায় কৰিব বিচাৰিছে আৰু তাৰ পৰা যদি চলিব পাৰে ভাল কথা ৷ বিশ্বনাথ মহকুমা আদালতক পূৰ্ণাংগ পৰ্যায়ৰ জিলা ন্যায়িক দণ্ডাধীশ আৰু জিলা ও সত্ৰ ন্যায়াধীশৰ  আদালত হিচাপে উন্নীত কৰা অনুষ্ঠানত উপস্থিত থাকি বিশ্বনাথ চাৰিআলিত এই মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিহাই  । উল্লেখ্য যে অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজিত বৰঠাকুৰে শুভ উদ্ধোধন কৰে জিলা ও সত্ৰ ন্যায়াধীশৰ আদালত ৷ অনুষ্ঠানত শোণিতপুৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ন্যায়াধীশ সত্ৰ ভূষণ গগৈ, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ,বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ কুমাৰ ঙাটে, তেজপুৰ অধিবক্তা সন্থাৰ সভাপতি যামিনী বৈশ্য, আৰক্ষী অধীক্ষক নবীন সিং, আদি উপস্থিত থাকে । তেজপুৰৰ মুঞ্চিফ টি পি এম বৰুৱাই আঁত ধৰা সভাখনত চালিনী দুৱাৰাই সৰস্বতী বন্দনা আৰু বিশ্বনাথ চাৰিআলি অধিবক্তা সন্থাই কোৰাছ পৰিৱেশন কৰে ।আজিৰ এই উদ্বোধনী অনুষ্ঠানৰ আগেয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজিত বৰঠাকুৰ আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাক বিশ্বনাথৰ আদালতৰ অস্থায়ী প্ৰেক্ষাগৃহলৈ গায়ন বায়নে আদৰি অনাৰ পিছতে দুয়ো গৰাকীয়ে আদালত চৌহদত বৃক্ষৰোপন কাৰ্যসূচীত অংশ গ্ৰহণ কৰে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি