NRCৰ নৱনিযুক্ত সমন্বয়ক হিতেশ দেৱ শৰ্মাক অপসাৰণৰ দাবী, দেশৰ মহাপঞ্জীয়কক স্মাৰকপত্ৰ অসম প্ৰদেশ কংগ্ৰেছৰ

News18-Assam
Updated:November 19, 2019, 3:09 PM IST
NRCৰ নৱনিযুক্ত সমন্বয়ক হিতেশ দেৱ শৰ্মাক অপসাৰণৰ দাবী, দেশৰ মহাপঞ্জীয়কক স্মাৰকপত্ৰ অসম প্ৰদেশ কংগ্ৰেছৰ
সজাতী দলটোত আজিও উপস্থিত নাছিল বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া

সজাতী দলটোত আজিও উপস্থিত নাছিল বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া

  • Share this:
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ নৱনিযুক্ত সমন্বয়ক হিতেশ দেৱ শৰ্মাক অপসাৰণৰ দাবী জনাই দেশৰ মহাপঞ্জীয়ক স্মৰকপত্ৰ প্ৰদান কৰিছে অসম কংগ্ৰেছে। কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনৰ নেতৃত্বত অসম কংগ্ৰেছৰ এটা সজাতী দলে আজি নতুন দিল্লীত সাক্ষাৎ কৰে মহাপঞ্জীয়ক বিবেক যোশীক। কংগ্ৰেছৰ দলটোৱে হিতেশ দেৱ শৰ্মাক অপসাৰণৰ দাবী জনাই মহাপঞ্জীয়কক স্মাৰকপত্ৰ প্ৰদান কৰে। শৰ্মাই ৰাজহুৱাকৈ কেতবোৰ আপত্তিজনক মন্তব্য কৰাৰ কথাও RGIক অৱগত কৰে কংগ্ৰেছ দলটোৱে।

উল্লেখযোগ্য যে সজাতী দলটোত আজিও উপস্থিত নাছিল বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া। সোমবাৰে শইকীয়াই তেওঁক অৱগত নকৰি ৰকিবুল বাহিনীয়ে কেন্দ্ৰীয় নেতৃত্বক সাক্ষাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

বৈঠকৰ অন্তত ৰকিবুল হুছেইনক সেই প্ৰশ্ন সোধাত তেওঁ কয় যে কংগ্ৰেছ দলত কোনোৱে কাকো এলাগী কৰা নাই, বৰঞ্চ সকলো এক। কংগ্ৰেছৰ দলটোত আছিল ৰকিবুল হুছেইন, অজন্তা নেওগ, শ্বেৰমান আলী, ৰেকিবুদ্দিন আহমেদ, নুৰুল হুদা, জাকিৰ হুছেইন শিকদাৰ আদি।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি