দেশৰ এতিয়াৰ অৰ্থনৈতিক অৱস্থা অতি দুখ লগা। ভাৰতবৰ্ষৰ অৰ্থনীতি সম্পূৰ্ণ ৰূপে ভাঙি পৰিছে। সংবাদমেল অনুষ্ঠিত কৰি এই অভিযোগ উত্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ তথা সাধাৰণ সম্পাদক (প্ৰশাসন) অপূৰ্ব ভট্টাচাৰ্য্যই।
দেশৰ এতিয়াৰ অৰ্থনৈতিক অৱস্থা অতি দুখ লগা। ভাৰতবৰ্ষৰ অৰ্থনীতি সম্পূৰ্ণ ৰূপে ভাঙি পৰিছে। সংবাদমেল অনুষ্ঠিত কৰি এই অভিযোগ উত্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ তথা সাধাৰণ সম্পাদক (প্ৰশাসন) অপূৰ্ব ভট্টাচাৰ্য্যই।
দেশৰ এতিয়াৰ অৰ্থনৈতিক অৱস্থা অতি দুখ লগা। ভাৰতবৰ্ষৰ অৰ্থনীতি সম্পূৰ্ণ ৰূপে ভাঙি পৰিছে। সংবাদমেল অনুষ্ঠিত কৰি এই অভিযোগ উত্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ তথা সাধাৰণ সম্পাদক (প্ৰশাসন) অপূৰ্ব ভট্টাচাৰ্য্যই। অপূৰ্ব ভট্টাচাৰ্য্যৰ মতে, কেন্দ্ৰীয় চৰকাৰে অসমৰ চিৰা, মুৰি, গুড়ৰ ওপৰতো GST লগাইছে। পানীৰ ওপৰতো কৰ লগোৱা মোদী চৰকাৰে অনাগত দিনত উশাহ নিশাহৰ ওপৰতো GST লগাব বুলি কৈ চৰকাৰক কটাক্ষ কৰে অপূৰ্ব ভট্টাচাৰ্য্যই।
বিজেপি চৰকাৰক উৎখাট কৰক, নহ'লে ভাৰত অচিৰেই শ্ৰীলংকা হ'ব বুলি উল্লেখ কৰে APCCৰ নেতাগৰাকীয়ে। সেয়াই নহয় মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি অপূৰ্ব ভট্টাচাৰ্যই কয় যে, মুখ্যমন্ত্ৰীয়ে অসমীয়া স্বভিমানৰ কথা কয় এতিয়া চিৰা মুৰিত অতিৰিক্ত কৰ লগোৱাত মৌন হৈ বহি আছে। ইফালে কংগ্ৰেছৰ নেতা সকলক বিজেপিত যোগদান কৰোৱা সম্পৰ্কত কংগ্ৰেছৰ নেতা গৰাকীয়ে কয় যে, বিজেপি নামটোহে বেলেগ, দলটো কংগ্ৰেছী নেতাৰ দ্বাৰাই পৰিচালিত হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|