• Home
  • »
  • News
  • »
  • assam
  • »
  • 'শ্বেৰমান বিজেপিৰ এজেণ্ট, মুখ্যমন্ত্ৰীৰ সৈতে থকা ভাল সম্পৰ্কৰ বাবেই নিৰ্বাচনৰ সময়ত এনে বিতৰ্কিত কথা কয়'- বিধায়ক শ্বেৰমান আলীলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰদেশ কংগ্ৰেছৰ

'শ্বেৰমান বিজেপিৰ এজেণ্ট, মুখ্যমন্ত্ৰীৰ সৈতে থকা ভাল সম্পৰ্কৰ বাবেই নিৰ্বাচনৰ সময়ত এনে বিতৰ্কিত কথা কয়'- বিধায়ক শ্বেৰমান আলীলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰদেশ কংগ্ৰেছৰ

তিনি দিনৰ ভিতৰত কাৰণ দৰ্শাব লাগিব বিধায়কগৰাকীয়ে। জাৰি কৰা জাননীত শ্বেৰমান আলীয়ে কংগ্ৰেছ দলৰ মৰ্যদা হানি কৰিছে বুলি উল্লেখ কৰিছে।

তিনি দিনৰ ভিতৰত কাৰণ দৰ্শাব লাগিব বিধায়কগৰাকীয়ে। জাৰি কৰা জাননীত শ্বেৰমান আলীয়ে কংগ্ৰেছ দলৰ মৰ্যদা হানি কৰিছে বুলি উল্লেখ কৰিছে।

তিনি দিনৰ ভিতৰত কাৰণ দৰ্শাব লাগিব বিধায়কগৰাকীয়ে। জাৰি কৰা জাননীত শ্বেৰমান আলীয়ে কংগ্ৰেছ দলৰ মৰ্যদা হানি কৰিছে বুলি উল্লেখ কৰিছে।

  • Share this:
অসমৰ আন্দোলনৰ শ্বহীদৰ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰা কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীকলৈ উত্তাল ৰাজ্যৰ ৰাজনীতি। শাসক-বিৰোধী সকলোৱে একেমুখে ধিক্কাৰ দিছে বিধায়ক শ্বেৰমানৰ দায়িত্বজ্ঞানহীন মন্তব্যক। বিধায়কজনৰ এনে মন্তব্যৰ পিছতে ৰাজ্যিক বিজেপিয়ে এতিয়া আক্ৰমণৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছক। প্ৰতিটো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত শ্বেৰমান আলীৰ এনেধৰণৰ বিতৰ্কিত কথা বতৰাই বিপদতো পেলাই আহিছে কংগ্ৰেছক।

তাৰ মাজতে শুকুৰবাৰে বিধায়ক শ্বেৰমান আলীলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে প্ৰদেশ কংগ্ৰেছে। তিনি দিনৰ ভিতৰত কাৰণ দৰ্শাব লাগিব বিধায়কগৰাকীয়ে। জাৰি কৰা জাননীত শ্বেৰমান আলীয়ে কংগ্ৰেছ দলৰ মৰ্যদা হানি কৰিছে বুলি উল্লেখ কৰিছে।



কেৱল ইমানেই নহয়, জাননীত কোৱা হৈছে যে, 'বিজেপিৰ ৰণ কৌশলত ইন্ধন যোগাইছে শ্বেৰমানে। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে থকা সু-সম্পৰ্কৰ বাবেই এনে মন্তব্য কৰি আছে। বিজেপিৰ এজেণ্টৰ দৰে কাম কৰিছে শ্বেৰমানে।  বিজেপিক উপ-নিৰ্বাচনত এনে মন্তব্যই সহায় কৰিব বুলি অনুভৱো কৰে কংগ্ৰেছ নেতৃত্বই। ইফালে শ্বহীদক অপমান কৰা মন্তব্য কংগ্ৰেছ দলৰ বাবে গ্ৰহণযোগ্য নহয় বুলিও পত্ৰত উল্লেখ কৰা হৈছে।
Published by:Himangshu Bhuyan
First published: