অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি সোণাৰিতো চৰাইদেউ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰু জিলা কংগ্ৰেছ কমিটীৰ সভাপতি অনুজ বৰকটকীৰ নেতৃত্বত ৰাহুল গান্ধীক সম্পূৰ্ণ আক্ৰোশমূলকভাৱে ইডিয়ে হাৰাশাস্তি কৰা, দিল্লীত কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয়ত আৰক্ষী বলপূৰ্বক প্ৰৱেশ কৰি কৰ্মচাৰীক হাৰাশাস্তি কৰাৰ প্ৰতিবাদ জনোৱা হয়।
প্ৰতিবাদী কাৰ্যসূচী চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰাৰ কথা আছিল যদিও চৰাইদেউ আৰক্ষীয়ে জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয় সোণাৰিৰ ৰাজীৱ ভৱনৰ সমীপতে প্ৰতিবাদকাৰীসকলক আটক কৰি ৰাখে (APCC Protest in Sonari) ৷
এনে পৰিস্থিতিত প্ৰতিবাদকাৰীসকলে আটক কৰা স্থানতে বিজেপি চৰকাৰ আৰু দিল্লীত আৰক্ষীয়ে কৰা পক্ষপাতমূলক আচৰণৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ এই প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক সূৰুয দিহিঙীয়া, কংগ্ৰেছ দলৰ ৰাজ্যিক অ'বিচি বিভাগৰ উপ-সভাপতি পৱিত্ৰ শইকীয়াকে প্ৰমুখ্য কৰি জিলা কংগ্ৰেছ কমিটীৰ বিষয়ববীয়া, সোণাৰি আৰু মাহমৰা সমষ্টিৰ ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি সমন্বিতে দলীয়া কৰ্মী, জিলা, ব্লক মহিলা কংগ্ৰেছ ,যুৱ কংগ্ৰেছ ,সেৱা দল ,এন এছ ইউ আইৰ লগতে কংগ্ৰেছ দলৰ বিভিন্ন বিভাগৰ নেতা-কৰ্মী, সদস্য-সদস্যাসকল উপস্থিত থাকে ৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|