বিৰোধী কংগ্ৰেছে সৰ্বদলীয় বৈঠকত বিধানসভাত সবিস্তাৰে আলোচনাৰ দাবী তুলিছিল, কিন্তু এই দাবীৰ সঁহাৰি নাপালে কংগ্ৰেছে
বিৰোধী কংগ্ৰেছে সৰ্বদলীয় বৈঠকত বিধানসভাত সবিস্তাৰে আলোচনাৰ দাবী তুলিছিল, কিন্তু এই দাবীৰ সঁহাৰি নাপালে কংগ্ৰেছে
বিৰোধীক গুৰুত্বহীন কৰি মেঘালয়ক মাটি দিব অসম চৰকাৰে ৷ মুখ্যমন্ত্ৰীৰ নিজ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৷ কমিটিৰ সভাপতি ভূপেন বৰাই কয়- এয়া কেতিয়াও সহজভাৱে ল'ব নোৱাৰি ৷ বিৰোধী কংগ্ৰেছে সৰ্বদলীয় বৈঠকত বিধানসভাত সবিস্তাৰে আলোচনাৰ দাবী তুলিছিল ৷ কিন্তু কংগ্ৰেছৰ এই দাবীৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে নিদিলে কোনো সঁহাৰি ৷
প্ৰদেশ কংগ্ৰেছৰ মতে, নিজৰ স্থিতিত অটল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পিলিংকাটা, বকোকে ধৰি বহু অঞ্চল এৰি দিবলৈ সাজু ৷ মুখ্যমন্ত্ৰীৰ এনে স্থিতি থাকিলে বিজেপি চৰকাৰৰ দিনত অসমে হেৰুৱাব লাগিব ৪৫ লাখ বিঘা ভূমি ৷ কিয়নো চুবুৰীয়া ৰাজ্যৰ দখলত আছে অসমৰ ৪৫ লাখ ভূমি ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভূমি ওভতাই অনাৰ পৰিৱৰ্তে গতোৱাত সিদ্ধহস্ত বুলিও অভিযোগ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই ৷ সংগ্ৰামৰ এক বিন্দু তেজ থকা প্ৰতিগৰাকী বিজেপি নেতা কৰ্মীক ওলাই অহাৰ আহ্বান জনায় ভূপেন বৰাই ৷ তেওঁ বিজেপি কৰ্মীক পিলিং কাটালৈ যোৱাৰ আহ্বান জনায়।
উল্লেখ্য, চৰকাৰৰ সিদ্ধান্তৰ প্ৰতিবাদত ৰাজীৱ ভৱনৰ পৰা দিছপুৰলৈ প্ৰতিবাদৰ কাৰ্যসূচী লোৱা কংগ্ৰেছে ৰাজীৱ ভৱনৰ পৰা ওলোৱাৰ সুযোগেই নাপায়। আৰক্ষীৰ হকা-বাধাৰ মাজতে আবদ্ধ থাকে ৰাজীৱ ভৱন চৌহদত ৷ অৱশ্যে ৭ জনীয়া প্ৰতিনিধিৰ দলে ৰাজ্য চৰকাৰৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰে এখন স্মাৰক-পত্ৰ ৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|