প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, ৰকিবুল হুছেইনসহ কেইবাগৰাকীও কংগ্ৰেছ নেতাক আটক।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, ৰকিবুল হুছেইনসহ কেইবাগৰাকীও কংগ্ৰেছ নেতাক আটক।
ৰেডিছন ব্লু হোটেলৰ বাহিৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত প্ৰতিবাদ। প্ৰতিবাদ কৰিবলৈ অহা ভূপেন বৰা, ৰকিবুল হুছেইন, ৱাজেদ আলী চৌধুৰী, ছোৱাহান আলী সৰকাৰ, এ কে আলম, চিপিআইএমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰক আটক।
প্ৰতিবাদত অংশগ্ৰহণ কৰি ৰকিবুল হুছেইনে কয়, বিধায়ক কিনা–বেচা কৰি অসমৰ ৰাজনৈতিক পৰিৱেশ লেতেৰা কৰিলে। মহাৰাষ্ট্ৰৰ বিক্ৰী যোৱা বেপাৰী বিধায়কে নিজৰ দোকান মুম্বাইত খোলক, অসমত নহয়।
ইফালে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, অসমৰ পৰা আঁতৰি যাওক ৰাজনৈতিক বেপাৰীসকল।
আনহাতে, কংগ্ৰেছৰ নেতাক বাধা দিবলৈ যাওঁতে বাছৰ পৰা পৰি আহত হ’ল এজন আৰক্ষী জোৱান। আঘাতপ্ৰাপ্ত আৰক্ষী জোৱানক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|