உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৰাজপথত নামিব কংগ্ৰেছ, মূল্যবৃদ্ধিৰ বিৰুদ্ধে ১৭ জুলাইলৈ প্ৰতি‍বাদঃ উলিয়াব চাইকেল ৰেলী, পেট্ৰ'ল পাম্পত চলাব স্বাক্ষৰ অভিযান

    ৰাজপথত নামিব কংগ্ৰেছ, মূল্যবৃদ্ধিৰ বিৰুদ্ধে ১৭ জুলাইলৈ প্ৰতি‍বাদঃ উলিয়াব চাইকেল ৰেলী, পেট্ৰ'ল পাম্পত চলাব স্বাক্ষৰ অভিযান

    ১৭ জুলাইত কেন্দ্ৰীয়ভাৱে গুৱাহাটী চহৰতো এক প্ৰতিবাদী সমদল উলিয়াব কংগ্ৰেছে।

    ১৭ জুলাইত কেন্দ্ৰীয়ভাৱে গুৱাহাটী চহৰতো এক প্ৰতিবাদী সমদল উলিয়াব কংগ্ৰেছে।

    ১৭ জুলাইত কেন্দ্ৰীয়ভাৱে গুৱাহাটী চহৰতো এক প্ৰতিবাদী সমদল উলিয়াব কংগ্ৰেছে।

    • Share this:

    ৰাজপথত নমাৰ আয়োজন চলাইছে কংগ্ৰেছে। আজি অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ হৈ কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাই এক বিবৃতিযোগে উল্লেখ কৰে যে এআইচিচিৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং আলৱাৰ, এপিচিচিৰ সভাপতি ৰিপুণ বৰা, কংগ্ৰেছ সাংসদ, জ্যেষ্ঠ নেতা তথা জিলা সভাপতিৰে হোৱা বৈঠকৰ সিদ্ধান্ত মৰ্মে আজিৰ পৰা ১৭ জুলাইলৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কেইবাটাও প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।


    সেই মৰ্মে অসম প্ৰদেশ কংগ্ৰেছে ৭ জুলাইৰ পৰা ১৭ জুলাইলৈ প্ৰতিখন জিলা সমিতিৰ সকলো খণ্ডতে কোভিড প্ৰট'কল মানি দুঘণ্টীয়া প্ৰতিবাদ কৰিব। ইয়াৰ উপৰি জিলা কংগ্ৰেছ সমিতিৰ উদ্যোগত চাইকেল ৰেলী উলিওৱা হ'ব। ১৭ জুলাইত কেন্দ্ৰীয়ভাৱে গুৱাহাটী চহৰত এক প্ৰতিবাদী সমদল উলিওৱা হ'ব, এই সমদলত এপিচিচিৰ সভাপতিকে ধৰি সাংসদ, বিধায়ক আদি সকলো দলীয় নেতা–সদস্যই অংশ ল'ব। আনহাতে, জিলা কংগ্ৰেছ সমিতিৰ অধীনত পেট্ৰ'ল পাম্পত স্বাক্ষৰ অভিযান চলাই পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ আৰু এই সন্দৰ্ভত সজাগতা অভিযান চলাব।


    উল্লেখ্য, দেশত পেট্ৰ'ল–ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতি‍বাদী কাৰ্যসূচী গ্ৰহণৰ বাবে ৰাষ্ট্ৰীয় কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে নিৰ্দেশনা দিছিল। এই  প্ৰসংগত যোৱা ২৮ জুনত অসম প্ৰদেশ কংগ্ৰেছৰ এক বৈঠক অনুষ্ঠিত হৈছিল।

    Published by:Gautam Barman
    First published: