• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘দলক আক্ৰমণাত্মক নেতাৰ প্ৰয়োজন; সেয়েহে ৰাহুল গান্ধীক দলৰ সভাপতি পাতক’

‘দলক আক্ৰমণাত্মক নেতাৰ প্ৰয়োজন; সেয়েহে ৰাহুল গান্ধীক দলৰ সভাপতি পাতক’

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা কংগ্ৰেছ দলৰ ৰাজ্যসভাৰ সদস্য সকলৰ ভাৰ্চুৱেল বৈঠক বাক-বিতণ্ডাৰ  মাজত অন্ত পৰে।

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা কংগ্ৰেছ দলৰ ৰাজ্যসভাৰ সদস্য সকলৰ ভাৰ্চুৱেল বৈঠক বাক-বিতণ্ডাৰ  মাজত অন্ত পৰে।

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা কংগ্ৰেছ দলৰ ৰাজ্যসভাৰ সদস্য সকলৰ ভাৰ্চুৱেল বৈঠক বাক-বিতণ্ডাৰ  মাজত অন্ত পৰে।

  • Share this:
বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা কংগ্ৰেছ দলৰ ৰাজ্যসভাৰ সদস্য সকলৰ ভাৰ্চুৱেল বৈঠক বাক-বিতণ্ডাৰ  মাজত অন্ত পৰে। তাৰ মাজতে বৈঠকত অংশগ্ৰহণ কৰা ৰাজ্যসভাৰ সদস্য তথা অসম কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৰাহুল গান্ধীক পুনৰ কংগ্ৰেছৰ সভাপতি পাতিবলৈ পৰামৰ্শ প্ৰদান কৰে। উল্লেখযোগ্য যে বৰাৰ এই পৰামৰ্শক অভিষেক মনু সিংভি, দিগ্বিজয় সিং, কে চি ভেনুগোপাল আৰু ৰাজীৱ চাতভে সমৰ্থন আগবঢ়ায়।

শুকুৰবাৰে News18ৰে হোৱা টেলিফোনৰ বাৰ্তালাপত বৰাই কয় –দলক এই সন্ধিক্ষণত এজন আক্ৰমণাত্মক নেতাৰ প্ৰয়োজন আৰু নৰেন্দ্র মোদীয়ে ৰাজনৈতিক প্ৰতিদ্বন্দী হিচাপে কেৱল ৰাহুল গান্ধীক ভয় কৰে। সেয়েহে তেওঁ ৰাহুল গান্ধীকে আক্ৰমণ কৰি থাকে, গতিকে দলটোক কেৱল তেওঁহে নেতৃত্ব দিব পাৰিব। বৰাই যোৱাটো সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয়ৰ কাৰণ ৰাহুল গান্ধী বুলি নাভাবে বৰঞ্চ বিজেপিয়ে অনৈতিক কৌশল অৱলম্বন কৰিহে শাসনলৈ আহিছে বুলি তেওঁ ক’ব খোজে।

ৰাজ্যসভাৰ সদস্য সকলৰ বৈঠকত বয়োজ্যেষ্ঠ আৰু মধ্য-বয়সীয়া তথা যুৱনেতাৰ মাজত উলম্ব বিভাজন পুনৰ প্ৰতিফলিত হ’ল বুলি ক’ব খোজে বৈঠকত উপস্থিত থকা কিন্তু নাম প্ৰকাশ কৰিব নিবিচৰা এজন কংগ্ৰেছীয়ে। UPAৰ দ্বিতীয়টো কাৰ্যকালৰ মন্ত্ৰী কপিল ছিবালে নেতৃত্বৰ কাম কাজত প্ৰশ্ন উত্থাপন কৰাত তেওঁক উভতি ধৰে যুৱনেতা ৰাজীৱ চাতভেই। তেওঁ কংগ্ৰেছৰ ২০১৪ চনৰ পৰা আৰম্ভ হোৱা দুৰৱস্থাৰ কাৰণে UPAৰ দ্বিতীয়টো কাৰ্যকালক দোষ দিয়ে।

আনহাতে পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমে মোদী চৰকাৰৰ বিফলতা সমূহ কংগ্ৰেছ নেতৃত্বই ৰাইজৰ সন্মুখত তুলি ধৰিব পৰা নাই বুলি মন্তব্য কৰাত তেওঁক বিৰোধিতা কৰে দলৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালে। বৈঠকখনত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙকে ধৰি বহু কেইজন প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত আছিল ।
Published by:Himangshu Bhuyan
First published: