আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ কথা চলি আছে AIUDFৰ লগতে অন্য ৰাজনৈতিক দলৰ লগত।
আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ কথা চলি আছে AIUDFৰ লগতে অন্য ৰাজনৈতিক দলৰ লগত।
২০১৬ চনৰ বিধানসভা নিৰ্বাচনত AIUDFৰ সৈতে মিত্ৰজোঁট নকৰা বাবে উজনি অসমত ধূলিসাৎ হৈছিল কংগ্ৰেছ। এই মন্তব্য কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ। কংগ্ৰেছে কেৱল চাৰিখন আসনহে দখল কৰিছিল উজনি অসমত। এতিয়াও কংগ্ৰেছৰ লগত মিত্ৰতা হোৱা নাই AIUDF দলৰ। আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ কথা চলি আছে AIUDFৰ লগতে অন্য ৰাজনৈতিক দলৰ লগত। যাৰ বাবে শংকাত ভুগিছে BJP দলে।
হিমন্ত বিশ্ব শৰ্মাৰ কোনো কথাৰে উত্তৰ দিব নিবিচাৰে ৰিপুণ বৰাই। হিমন্তই আবোল–তাবোল বলকি থাকে বুলি মন্তব্য কৰে। বৰঝাৰ বিমানবন্দৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে কংগ্ৰেছ দলে এয়াৰপ’ৰ্ট অথৰিটী ইমপ্লয়ী ইউনিয়ন, এয়াৰপ’ৰ্ট টেক্সি সন্থাৰ লগত সোমবাৰে একেলগে প্ৰতিবাদ সাব্যস্ত কৰিব বিমানবন্দৰ চৌহদত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|