உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অসমবাসীৰ সন্মুখত উত্তৰ দিয়ক; প্ৰধানমন্ত্ৰীলৈ পুনৰ APCCৰ সভাপতি ৰিপুণ বৰাৰ এলানি প্ৰশ্ন

    অসমবাসীৰ সন্মুখত উত্তৰ দিয়ক; প্ৰধানমন্ত্ৰীলৈ পুনৰ APCCৰ সভাপতি ৰিপুণ বৰাৰ এলানি প্ৰশ্ন

    বহুকেইটা প্ৰশ্নৰ অৱতাৰণা কৰি ৰিপুণ বৰাই ঢেকীয়াজুলিৰ জনসভাৰ বাবে ৰাজ্য চৰকাৰে চৰকাৰী শাসনযন্ত্ৰক ব্যৱহাৰ কৰাৰ অভিযোগ তোলে৷

    বহুকেইটা প্ৰশ্নৰ অৱতাৰণা কৰি ৰিপুণ বৰাই ঢেকীয়াজুলিৰ জনসভাৰ বাবে ৰাজ্য চৰকাৰে চৰকাৰী শাসনযন্ত্ৰক ব্যৱহাৰ কৰাৰ অভিযোগ তোলে৷

    বহুকেইটা প্ৰশ্নৰ অৱতাৰণা কৰি ৰিপুণ বৰাই ঢেকীয়াজুলিৰ জনসভাৰ বাবে ৰাজ্য চৰকাৰে চৰকাৰী শাসনযন্ত্ৰক ব্যৱহাৰ কৰাৰ অভিযোগ তোলে৷

    • Share this:
    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে কৰাৰ দৰে আন কেতবোৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই৷ ঢেকীয়াজুলিলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰীক সংবাদমেলৰ জৰিয়তে প্ৰশ্ন কৰি ৰিপুণ বৰাই ঢেকীয়াজুলিৰ জনসভাত উত্তৰ দিবলৈ আহ্বান জনায়৷

    ৰিপুণ বৰাই ক'লে- “প্ৰধানমন্ত্ৰী পুনৰ আহি আছে অসমলৈ৷ শিৱসাগৰলৈ অহাৰ পূৰ্বে আমি সংবাদমেলৰ জৰিয়তে তেওঁলৈ কেতবোৰ প্ৰশ্ন কৰিছিলো৷ অসম আৰু দিল্লীৰ BJP চৰকাৰে অসমৰ বাবে কি কি কৰিলে অসমৰ ৰাইজক জনাওক৷ শিৱসাগৰত একো বিশেষ কথা নোকোৱাকৈ গুছি গৈছিল৷ গতানুগতিক ভাষণ দি গৈছিল৷ অসমবাসীক হতাশ কৰি থৈ গৈছিল৷”

    প্ৰধানমন্ত্ৰীৰ পৰা উত্তৰ লাগে ৰিপুণ বৰাক৷ ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰিলে নে প্ৰধানমন্ত্ৰীয়ে বিগত ছবছৰত? ৰিপুণ বৰাই ক'লে- “২০১৪ৰ ১৬ মে'ৰ দিনা অসমৰ পৰা সকলো বিদেশীয়ে টালি–টোপোলা লৈ অসম এৰিব লাগিব বুলি কৈছিল৷ ৰাইজে ভাল পাইছিল৷ অসমৰ ৰাইজে সেয়ে BJPক ভোট দিছিল৷ কেন্দ্ৰত ছবছৰ হ'ল মোদী চৰকাৰৰ৷ অসমত BJPৰ পাঁচ বছৰ হ'বৰ হ'ল৷ কিমান খেদিলে? বিপৰীতে CAA আনিলে৷ বিদেশী খেদাৰ সলনি আনিবহে বিচাৰিছে৷”

    প্ৰধানমন্ত্ৰীলৈ ৰিপুণ বৰাৰ প্ৰশ্ন- “অসম চুক্তি ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতি কি হ'ল? প্ৰধানমন্ত্ৰীয়ে অসম চুক্তিক আখৰে আখৰে পালন কৰিম বুলি কৈছিল৷ এতিয়া ঢেকীয়াজুলিত আহি প্ৰধানমন্ত্ৰীয়ে কওক- অসম চুক্তি আপুনি বিগত ছবছৰে আখৰে আখৰে পালন কৰিলেনে? CAA আনি বিদেশীৰ ক্ষেত্ৰত ২০১৪লৈ কাট অব্ ইয়াৰ কৰিলে৷”

    ছয় জনগোষ্ঠীক ছমাহৰ ভিতৰত জনজাতিকৰণ কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল৷ সেই প্ৰতিশ্ৰুতি পালন কৰিলেনে প্ৰধানমন্ত্ৰীয়ে? উত্তৰ লাগে ৰিপুণ বৰাক৷ বৰাৰ প্ৰশ্ন- “ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল৷ প্ৰথমে এশ দিনৰ ভিতৰত জনজাতিকৰণ কৰিম বুলি কৈছিল৷ পিছত ছমাহৰ ভিতৰত কৰিম বুলি কৈছিল৷ এতিয়া অসমত BJP চৰকাৰৰ সময়সীমা শেষ হ'বৰে হ'ল৷ কিন্তু জনজাতিকৰণ নহ'ল৷ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰ'ল৷ অসমৰ মানুহক আপুনি সকলো সময়তে মুৰ্খ বনাব নোৱাৰে৷”

    লগতে APCCৰ সভাপতি বৰাই ক'লে- “বছৰকেত প্ৰধানমন্ত্ৰীয়ে দুই কোটি চাকৰি দিম বুলি কৈছিল৷ ঢেকীয়াজুলিত আহি প্ৰধানমন্ত্ৰীয়ে অসমৰ মানুহক কওক- অসমৰ কিমানজনে চাকৰি পালে? কিমান প্ৰতিশ্ৰুতি পালন কৰিলে জনাওক৷ অসমৰ ৰাইজে আপোনাক প্ৰশ্ন কৰাৰ অধিকাৰ আছে৷ প্ৰতিশ্ৰুতি দি পালন কৰিলেনে নাই?”

    নিৰ্বাচনী প্ৰতিশ্ৰুতি হিচাপে চাকৰি প্ৰদানৰ বাবে দিয়া প্ৰতিশ্ৰুতি পালন কৰিলেনে BJP চৰকাৰে? ৰিপুণ বৰাৰ প্ৰশ্ন- “১৯৬৯ৰ পৰা কেন্দ্ৰৰ পৰা আমি ৯০:১০ৰ অনুপাতত পুঁজি পাই আছিলো অসমে৷ কিন্তু প্ৰধানমন্ত্ৰী মোদী আহি সেই হাৰত পোৱা পুঁজি বন্ধ কৰিলে৷ যাৰ বাবে ৮৪০০ কোটি বছৰত আমি হেৰুৱালো৷ প্ৰথম শ্ৰেণীৰ ৰাজ্য হয়নে অসম? মাহীআইৰ দৰে ব্যৱহাৰ কৰিছে অসমক৷ বাজেটত বান-খহনীয়াৰ বাবে এটকাও ধাৰ্য নকৰিলে৷ চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে অসম-পশ্চিম বংগৰ বাবে এহাজাৰ কোটি ধাৰ্য কৰিলে- আমি ভাল পাইছো৷ কিন্তু চাহ শ্ৰমিকক দৈনিক মজুৰি ৩৫১টকা বিগত পাঁচ বছৰে কিয় নিদিলে? চাহ জনগোষ্ঠীক ভোটৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে৷ ঢেকীয়াজুলিৰ জনসভাত প্ৰধানমন্ত্ৰীয়ে উত্তৰ দিয়ক৷”

    এনেদৰে বহুকেইটা প্ৰশ্নৰ অৱতাৰণা কৰি ৰিপুণ বৰাই ঢেকীয়াজুলিৰ জনসভাৰ বাবে ৰাজ্য চৰকাৰে চৰকাৰী শাসনযন্ত্ৰক ব্যৱহাৰ কৰাৰ অভিযোগ তোলে৷ বৰাই অভিযোগ কৰা মতে, অসমৰ সকলো জিলাৰ উপায়ুক্তক ব্যৱহাৰ কৰিছে BJP–এ৷ ৰাইজক জনসভাখনলৈ নগ'লে সকলো চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হ'ব লাগিব বুলি ভাবুকি দিয়া হৈছে বুলি অভিযোগ কৰে ৰিপুণ বৰাই৷

    বৰাই ক'লে- “প্ৰধানমন্ত্ৰীৰ সভাত মানুহ অনাৰ বাবে চৰকাৰী শাসন যন্ত্ৰ ব্যৱহাৰ কৰিছে৷ DCসকলক ব্যৱহাৰ কৰিছে৷ যিয়ে প্ৰধানমন্ত্ৰীৰ সভাত নাযায়, তেওঁলোকে সকলো চৰকাৰী সা-সুবিধা নাপাব বুলি ভয়-ভাবুকি দিছে৷”
    Published by:Sanjay Kumar Das
    First published: