দুদিনীয়া ভ্ৰমণসূচীলৈ সোমবাৰে গুৱাহাটীত উপস্থিত হ'বহি AICCৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী৷
দুদিনীয়া ভ্ৰমণসূচীলৈ সোমবাৰে গুৱাহাটীত উপস্থিত হ'বহি AICCৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী৷
দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে অসমলৈ আহিবলগীয়া AICCৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীৰ বাবে ৰুম আবণ্টন নিদিলে বিশ্বনাথ প্ৰশাসনে৷ এই অভিযোগ তুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই নিৰ্বাচন আয়োগক নিৰ্বাচনৰ সময়ছোৱাত সকলোকে নিৰপেক্ষ হ'বলৈ নিৰ্দেশ দিয়াৰ বাবে আহ্বান জনায়৷
প্ৰিয়ংকা গান্ধী আহি আছে৷ দুদিনীয়া ভ্ৰমণসূচীলৈ সোমবাৰে গুৱাহাটীত উপস্থিত হ'বহি AICCৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী৷ কিন্তু প্ৰিয়ংকাৰ অসম ভ্ৰমণৰ পূৰ্বে সূচনা হ'ল এক বিৰ্তকৰ৷ বিশ্বনাথ চাৰিআলিত আৱৰ্তন ভৱনত প্ৰিয়ংকা গান্ধীৰ বাবে ৰুম বিচাৰিছিল প্ৰদেশ কংগ্ৰেছে৷ কিন্তু জিলা উপায়ুক্তই প্ৰিয়ংকা গান্ধীৰ বাবে আবণ্টন নিদিলে কোঠা৷ নিৰ্বাচনী পৰ্যবেক্ষকৰ বাবে আৱৰ্ত ভৱনৰ কোঠা বুকিং কৰি ৰখা হৈছে বুলি আবণ্টন দিয়া নহ'ল প্ৰিয়ংকা গান্ধীৰ বাবে৷ এই দাবী কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই৷
Z কেটেগৰীৰ নিৰাপত্তাৰে আৱেস্তিত AICCৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীতকৈ নিৰ্বাচনী পৰ্যৱেক্ষক ডাঙৰ হ'লনে কি বুলিও প্ৰশ্ন উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই৷
প্ৰিয়ংকা গান্ধীৰ বাবে আৱৰ্ত ভৱনৰ ৰুম আবণ্টন নিদিয়াত বিশ্বনাথতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এই বিষয়ক লৈ বিশ্বনাথৰ উপায়ুক্তই কোনো মন্তব্য প্ৰদান কৰা নাই৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|