বিধায়িকা অজন্তা নেওগ বিজেপিলৈ যাব নেকি? কি ক'লে APCCৰ সভাপতি ৰিপুণ বৰাই?

News18 Assam | News18-Assam
Updated:November 16, 2020, 10:37 AM IST
বিধায়িকা অজন্তা নেওগ বিজেপিলৈ যাব নেকি? কি ক'লে APCCৰ সভাপতি ৰিপুণ বৰাই?
ৰিপুণ বৰাই কয় যে এয়া কংগ্ৰেছক বিভ্ৰান্ত কৰিবৰ কাৰণে, কংগ্ৰেছ কৰ্মীৰ মনোবল ভাঙিবৰ কাৰণেই বিজেপিৰ এক অপপ্ৰচাৰ।

ৰিপুণ বৰাই কয় যে এয়া কংগ্ৰেছক বিভ্ৰান্ত কৰিবৰ কাৰণে, কংগ্ৰেছ কৰ্মীৰ মনোবল ভাঙিবৰ কাৰণেই বিজেপিৰ এক অপপ্ৰচাৰ।

  • News18 Assam
  • Last Updated: November 16, 2020, 10:37 AM IST
  • Share this:
কংগ্ৰেছ দলৰ বিধায়িকা অজন্তা নেওগসহ কেইবাগৰাকীও বিধায়ক-বিধায়িকাৰ বিজেপি গমনকৈ যি প্ৰচাৰ চলিছে সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই। গহপুৰ সমষ্টিত দলীয় সাংগঠনিক দিশৰ কামত ব্যস্ত থকা ৰিপুণ বৰাই কয় যে এই কথাটো আজিয়েই ওলোৱা নাই। চাৰে চাৰি বছৰ ধৰি সদায় ওলাই থাকে। মোৰ দৃঢ় বিশ্বাস অজন্তা নেওগৰ স্বামীয়ে যি কংগ্ৰেছৰ আদৰ্শৰ কাৰণে সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ আহুতি দিছিল। সেই স্বামীৰ পত্নীয়ে কেতিয়াও এনেধৰণৰ কাম কৰিব বুলি মই কেতিয়াও বিশ্বাস নকৰো। মই দলৰ সভাপতি হিচাপে কৈছো তেওঁলোক নাযায়।

ৰিপুণ বৰাই কয় যে এয়া কংগ্ৰেছক বিভ্ৰান্ত কৰিবৰ কাৰণে, কংগ্ৰেছ কৰ্মীৰ মনোবল ভাঙিবৰ কাৰণেই বিজেপিৰ এক অপপ্ৰচাৰ। মহাজোট বন্ধন সম্পৰ্কত অজিত কুমাৰ ভূঞাই কোৱা কথা প্ৰসংগত ৰিপুণ বৰাই কয় যে যদি তেওঁলোকে সঁচাকৈ বিজেপিক পৰাভূত কৰিব বিচাৰে তেন্তে আমাৰ লগত লগ হ'ব লাগিব।

আনহাতে, বিহাৰ নিৰ্বাচনৰ পৰা কংগ্ৰেছ দলে শিক্ষা ল'ব লাগে বুলি অজিত কুমাৰ ভূঞাই কোৱা কথাৰ প্ৰসংগত ৰিপুণ বৰাই কয় যে সেইটো সম্পৰ্কত মই একো নকওঁ। ক'বলগীয়া একো নাই কাৰণে নকওঁ। বিহাৰৰ নিৰ্বাচনত বহু কথা আছে। তাত অকল ইয়াৰ পৰাই চালে নহ'ব। তাত লোকেল গ্ৰাউণ্ড ৰিয়েলিটীও আছে।
Published by: Sanjay Kumar Das
First published: November 16, 2020, 10:37 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading