APCCৰ সভাপতি ৰিপুণ বৰাক কোৱাৰেণ্টাইন, কোভিড–১৯ পৰীক্ষাৰ বাবে নমুনা প্ৰেৰণ

News18 Assam | News18-Assam
Updated:May 22, 2020, 11:39 AM IST
APCCৰ সভাপতি ৰিপুণ বৰাক কোৱাৰেণ্টাইন, কোভিড–১৯ পৰীক্ষাৰ বাবে নমুনা প্ৰেৰণ
নিশাৰ ভাগতে প্ৰথমে স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত নমুনা সংগ্ৰহ কৰে স্বাস্থ্যকৰ্মীয়ে৷ ৰিপুণ বৰাক হোটেল ৰেডিচন ব্লুত কোৱাৰেণ্টাইনত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

নিশাৰ ভাগতে প্ৰথমে স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত নমুনা সংগ্ৰহ কৰে স্বাস্থ্যকৰ্মীয়ে৷ ৰিপুণ বৰাক হোটেল ৰেডিচন ব্লুত কোৱাৰেণ্টাইনত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

  • Share this:
৫৮ দিনৰ অন্তত অৱশেষত স্বগৃহলৈ উভতিল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰা৷ লকডাউনৰ বাবে দিল্লীত আবদ্ধ হৈ থাকিবলগা হৈছিল সভাপতিগৰাকী৷ বুধবাৰে  দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছযোগে উভতি আহিল ৰিপুণ বৰা৷ ৰাজধানী এক্সপ্ৰেছযোগে অহা কংগ্ৰেছ নেতাগৰাকী বৃহস্পতিবাৰে নিশা গুৱাহাটী ৰে’লৱে ষ্টেচনত উপস্থিত হয়৷ তাৰ পিছতে পোনে পোনে অইন যাত্ৰীৰ দৰেই সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্ৰলৈ লৈ অহা হয় ৰিপুণ বৰাক৷

নিশাৰ ভাগতে প্ৰথমে স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত নমুনা সংগ্ৰহ কৰে স্বাস্থ্যকৰ্মীয়ে৷ ৰিপুণ বৰাক হোটেল ৰেডিচন ব্লুত কোৱাৰেণ্টাইনত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ সম্ভৱত অনাগত ১৪ দিনৰ বাবে কোৱাৰেণ্টাইনত থাকিব লাগিব প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী৷

বৰ্তমানলৈ বৰাৰ দেহত কোনো লক্ষণ দেখা নাই৷ নিয়ম অনুসৰি বৰাৰ কোভিড–১৯ পৰীক্ষা কৰা হ’ব। উল্লেখযোগ্য যে ৰাজ্যত এই মূহুৰ্তলৈ প্ৰায় ৪০ হাজাৰৰো অধিক লোকৰ কোভিড–১৯ পৰীক্ষা সম্পন্ন হৈছে৷ শেহতীয়া সময়ত বিশেষকৈ বাহিৰৰ পৰা অহা লোকৰ দেহত কোভিড–১৯ ধৰা পৰিছে৷ সেয়েহে বাহিৰৰ পৰা অহা লোকসকলৰ ক্ষেত্ৰত অধিক সাৱধানতা অৱলন্বন কৰা হৈছে যাতে তেওলোকক ভালকৈ কোৱাৰেণ্টাইন কৰিব পৰা যায়৷

অৱশ্যে বাহিৰৰ পৰা অহা লোকসকলেও সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে প্ৰশাসন তথা স্বাস্থ্য বিভাগক৷ এয়া নিশ্চয় কোৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ একপ্ৰকাৰ প্ৰতিগৰাকী লোকৰ সঁহাৰি৷
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading