গহপুৰত গৰু গাড়ীত উঠি বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। মৰণফাণ্ডৰূপী বিধ্বস্ত ঘাইপথ আৰু টোলগেট স্থাপনৰ তীব্ৰ বিৰোধিতাৰে কংগ্ৰেছে আজি ৰাজ্যজুৰি ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ স্বৰূপে গহপুৰতো ছয়দুৱাৰ আৰু পুব ছয়দুৱাৰ ব্লক কংগ্ৰেছে ৰাষ্ট্ৰীয় ঘাইপথত বিশাল সমদলৰে প্ৰতিবাদ সাব্যস্ত কৰে।
গহপুৰৰ ব্লক কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছে বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে। ৰাজ্যকি বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৰিপুণ বৰাক বিধানসভাৰ আসন সন্দৰ্ভত প্ৰত্যাহ্বান জনোৱাক লৈ ৰিপুণ বৰাই কয় – আমিটো পলৰীয়া নহয়। যোৱাকালি মই কৈছো তেওঁলোক পলৰীয়া। কাৰণ তেওঁ কৈছে অহা নিৰ্বাচনত বিজেপিয়ে যদি সংখ্যাগৰিষ্ঠতা নাপায় তেতিয়াহ'লে তেওঁ ৰাজনীতি এৰি দিব। ৰঞ্জিত দাসে তেনেকৈ কোৱা অৰ্থটো হৈছে তেওঁ ভিতৰি ভিতৰি ভয় খাইছে।
চাহ শ্ৰমিকসকলৰ মজুৰি ৩৫১ টকাৰ পৰিৱৰ্তে ১৯৪ টকা কৰা কাৰ্যৰ তীব্ৰ সমালোচনা কৰি কয় যে চাহ শ্ৰমিকবিৰোধী বিজেপি চৰকাৰ। চাহ শ্ৰমিকৰ কাৰণে তেওঁলোকে কেৱল ঘঁৰিয়ালৰ চকুপানী টোকে। তেওঁ চাহ শ্ৰমিকৰ ভোটৰ কাৰণে সকলো কথা কয়। চাহ শ্ৰমিকক কেইটামান টকা দি ভুলাই ৰাখিব বিচাৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|