ৰাজ্যত জনসংখ্যা বৃদ্ধিৰ হাৰ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে দুটাতকৈ অধিক সন্তান থাকিলে কোনো লোকে চৰকাৰী চাকৰি লাভ নকৰিব বুলি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছিল। চৰকাৰৰ এই সিদ্ধান্তক আদৰণী জনাইছিল বিভিন্ন জনে। কিন্তু AIUDF ৰ সভাপতি বদৰুদ্দিন আজমলে সোমবাৰে চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ সমালোচনা কৰি এই সিদ্ধান্তক ইছলাম বিৰোধী আখ্যা দিছিল। লগতে সকলো ইছলাম ধৰ্মীকে যিমান পাৰে সিমান সন্তান জন্ম দিব লাগে বুলি মন্তব্য কৰিছিল। আজমলৰ এনে মন্তব্যৰ পিছতে সমগ্ৰ দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ বিতৰ্ক।
এইবাৰ আজমলৰ এই মন্তব্যক সমৰ্থন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। চৰকাৰে বলপূৰ্বক ভাবে দুটা সন্তানৰ নীতি ৰাইজৰ ওপৰত জাপি দিব বিচাৰিছে বুলি মন্তব্য কৰাৰ লগতে এই সিদ্ধান্ত সম্পূৰ্ণ ৰূপে দেশৰ সংবিধান বিৰোধী বুলি মন্তব্য কৰিছে ৰিপুন বৰাই।