
দলৰ কথা বাদেই নিজেই গহপুৰ সমষ্টিত বৃহৎ ব্যৱধানত পৰাস্ত হয় ৰিপুণ বৰা। পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ পদত্যাগ।
দলৰ কথা বাদেই নিজেই গহপুৰ সমষ্টিত বৃহৎ ব্যৱধানত পৰাস্ত হয় ৰিপুণ বৰা। পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ পদত্যাগ।
২০২১চনৰ অসম বিধানসভা নিৰ্বাচনত দলক নেতৃত্ব দি সফলতা লাভ কৰিব নোৱাৰাত বাৰুকৈয়ে দুখিত হৈ পৰিছে ৰিপুণ বৰা। দেওবাৰে কংগ্ৰেছ মহাজোটৰ বিপৰ্যয়ৰ পিছত পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ পদত্যাগ।
APCCৰ সভাপতি পদৰ পৰা অব্যাহতি বিচাৰি ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছে ৰিপুণ বৰাই।দলৰ কথা বাদেই নিজেই গহপুৰ সমষ্টিত বৃহৎ ব্যৱধানত পৰাস্ত হয় ৰিপুণ বৰা। ইয়াৰ পিছতে তেওঁ দলৰ সভাপতি পদ ত্যাগ কৰাৰ চিন্তা-চৰ্চা কৰি পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। এজন কংগ্ৰেছ কৰ্মী হিচাপে কাম কৰি যাব বুলি উল্লেখ কৰে বৰাই।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|