বিপিএফ আছেনে মহাজোঁটত? হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে যোগ দিব নেকি শাসকীয় মিত্ৰজোঁটত। এনেধৰনৰ গুণাগঁথা চলি থকাৰ সময়তে মহাজোঁটৰ অংশিদাৰী দল বিপিএফক লৈ মুখ খুলিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাৰ মতে বিপিএফ দল এতিয়াও মহাজোঁটত আছে।
"এইপৰ্যন্ত আনুষ্ঠানিকভাৱে মহাজোঁট ত্যাগ কৰা নাই বিপিএফ দলে। মই সংবাদ মাধ্যমতহে পাইছো।" –কলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই। হাগ্ৰামা মহিলাৰীক চৰকাৰে ব্লেকমেইলিং কৰি ভয়–ভাবুকিৰে মহাজোঁটৰ পৰা আঁতৰত ৰাখিব বিচাৰিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।
চৰকাৰে NIA, CBI লগাই হাগ্ৰামা মহিলাৰীক ব্লেকমেইলিং কৰিছে বুলি মন্তব্য ৰিপুণ বৰাৰ। মহাজোঁটৰ পৰা বিপিএফ আঁতৰি গ’লে গোসাঁইগাঁও আৰু তামুলপুৰ সমষ্টিত কংগ্ৰেছে নিজাববীয়াকৈ প্ৰাৰ্থিত্ব দিব বুলিও কয় ৰিপুণ বৰাই।
ইফালে, মৰিয়নী সমষ্টিৰ উপ নিৰ্বাচনৰ বাবেও সাজু হৈছে মহাজোঁট। মহাজোঁটে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ লগত আলোচনা কৰি মৰিয়নী সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব। উল্লেখযোগ্য যে দেওবাৰে মহাজোটৰ অংশীদাৰী দলসমূহে মহানগৰীত এখন উমৈহতীয়া সংবাদ মেল অনুষ্ঠিত কৰিছিল য’ত উপস্থিত নাছিল বিপিএফৰ কোনো প্ৰতিনিধি। তেতিয়াৰ পৰাই প্ৰশ্ন উত্থাপন হৈছিল যে মহাজোঁটত প্ৰকৃততে বিপিএফ দল আছে নে নাই।
তাৰ এদিন পিছতেই বিপিএফৰ জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী আৰু দলটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক প্ৰবীণ বড়ো আৰু শেহতীয়াভাৱে বিপিএফ বিধায়িনী দলৰ নেতা প্ৰাক্তন মন্ত্ৰী দুৰ্গাদাস বড়োই বিগত বিধানসভা নিৰ্বাচনৰ সময়তহে বিপিএফ দল মহাজোঁটত আছিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। তদুপৰি মহাজোঁটৰ সংবাদ মেলৰ এদিন পূৰ্বে বিপিএফ দলে মুখ্যমন্ত্ৰী আৰোগ্য নিধিত ২৫ লাখ টকা আগবঢ়োৱাৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হাগ্ৰামা মহিলাৰীয়ে প্ৰায় আধা ঘণ্টা সময় ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছিল। তাকেলৈ এতিয়া দিশপুৰৰ–বাহিৰে ভিতৰে সৰ্বত্ৰ চৰ্চা হৈ আছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|