বিটিচি নিৰ্বাচন অন্ত পৰাৰ লগে লগে এতিয়া তুুংগত উঠিছে তিৱা পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ অভিযান। নৃত্য গীতেৰে তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ দলৰ ৷ ৩০ নং লালুংগাঁও আৰু ৩১ নং লালুংপাৰ তিৱা পৰিষদৰ দুটাকৈ সমষ্টিত কংগ্ৰেছৰ নামী-দামী নেতাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান ৷
ন কংগ্ৰেছী তথা কণ্ঠশিল্পী বাবু বৰুৱাৰ লগতে অজয় ফুকন আৰু টানা দেৱৰাজৰ গীতৰ তালে তালে ৰিপুণ বৰাই চলালে নিৰ্বাচনী প্ৰচাৰ ৷ শুকুৰবাৰে বিয়লি সমষ্টি দুটাৰ জুমৰমুৰ, বৰকছাৰী গাঁও, কঠিয়াতলী, বৰহোলা আৰু বুকলুঙত পাঁচখনকৈ নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷
সভাত ভাষণ প্ৰসংগত ৰিপুণ বৰাই আক্ৰমণৰ লক্ষ্য কৰি লয় বিজেপিৰ লগতে অসম গণ পৰিষদক। ৰিপুণ বৰাই কয় যে, ‘৮৩০ টকীয়া অৰুণোদয় আঁচনিয়ে মহিলা সকলক অপমানহে কৰিছে। আগন্তুক ২০২১ৰ নিৰ্বাচনত নিঃশেষ হ’ব অসম গণ পৰিষদ। অগপ ইতিমধ্যে আঁতৰি গৈছে ৰাইজৰ মনৰ পৰা।’
ইফালে তিৱা পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|