জেৰেঙা পথাৰত কিয় প্ৰধানমন্ত্ৰীৰ জনসভা? প্ৰধানমন্ত্ৰী মোদীলৈ ৰিপুণ বৰাৰ ২৪টা প্ৰশ্ন

News18 Assam | News18-Assam
Updated:January 21, 2021, 3:58 PM IST
জেৰেঙা পথাৰত কিয় প্ৰধানমন্ত্ৰীৰ জনসভা? প্ৰধানমন্ত্ৰী মোদীলৈ ৰিপুণ বৰাৰ ২৪টা প্ৰশ্ন
এদিনীয়া ভ্ৰমণসূচীৰে ২৩ জানুৱাৰীত অসম ভ্ৰমণলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব হৈ উঠিল অসম প্ৰদেশ কংগ্ৰেছ ৷

এদিনীয়া ভ্ৰমণসূচীৰে ২৩ জানুৱাৰীত অসম ভ্ৰমণলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব হৈ উঠিল অসম প্ৰদেশ কংগ্ৰেছ ৷

  • Share this:
এদিনীয়া ভ্ৰমণসূচীৰে ২৩ জানুৱাৰীত অসম ভ্ৰমণলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব হ'ল অসম প্ৰদেশ কংগ্ৰেছ ৷ প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কৰিলে ২৪টা প্ৰশ্ন ৷

শিৱসাগৰৰ এই ঐতিহাসিক জেৰেঙা পথাৰত এতিয়া চলিছে ব্যপক প্ৰস্তুতি ৷ ঐতিহাসিক জেৰেঙা পথাৰতে এক বিশাল জনসভাত সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ প্ৰধানমন্ত্ৰী মোদীৰ এই অসম ভ্ৰমণৰ পূৰ্বে এতিয়া সৰব হৈ উঠিছে অসম প্ৰদেশ কংগ্ৰেছ ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বৃহস্পতিবাৰে ৰাজীৱ ভৱনত আয়োজন কৰা এক সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীক কৰে ২৪টা প্ৰশ্ন ৷

ৰিপুণ বৰাৰ প্ৰথম প্ৰশ্নই হ'ল- 'অসমৰ সমাজ জীৱনৰ স্বাভিমানৰ প্ৰতীক জেৰেঙা পথাৰত কিয় পাতিব প্ৰধানমন্ত্ৰীৰ সভা? সতী জয়মতীৰ ত্যাগৰ চিহ্ন স্বৰূপ জেৰেঙা পথাৰত সভা পাতি মোদীয়ে অসমীয়া সমাজক অপমান কৰিছে বুলি অভিযোগ তুলে ৰিপুণ বৰাই ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই ক'লে যে,  ১৯৬৯ৰ পৰা ৯০:১০ অনুপাতত কেন্দ্ৰৰ পৰা অসমে পোৱা ফাণ্ডিং বন্ধ কৰি দিলে মোদী চৰকাৰে ৷ যাৰ বাবে বছৰি ৭০০০-১০,০০০ কোটি টকা অসমে হেৰুৱাইছে ৷ ৰিপুণ বৰাই অসমৰ Special Category উঠাই দিয়াৰ বাবেও মোদী চৰকাৰক সমালোচনা কৰে ৷

২০১৪ৰ ১৪ মে'ৰ পিছত সকলো বাংলাদেশীয়ে অসম এৰিব লাগিব বুলি কৈছিল মোদীয়ে ৷ ৰিপুণ বৰাই এই সন্দৰ্ভত প্ৰশ্ন কৰিলে- “আপুনি এতিয়া কওক- কিমানজন বাংলাদেশীক খেদিলে? চাৰিজনক খেদিলে চাৰি বছৰত?”

ৰিপুণ বৰাৰ প্ৰশ্ন- “ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি ক'ত গ'ল? পিছপৰা জিলাৰ উন্নয়নৰ বাবে কেন্দ্ৰই দিয়া টকা বন্ধ কৰি দিলে কিয়?

আন এক প্ৰশ্ন কৰি ৰিপুণ বৰাই ক'লে- “গুৱাহাটীক স্মাৰ্ট চিটি কৰিব বুলি কৈছিল ৷ অসমক অষ্টলক্ষ্মী ৰাজ্য কৰিম বুলি কৈছিল ৷ ক'ত কৰিলে? অসমৰ পৰা লুটিলেহে আপুনি ৷ ২৭খন তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ কৰিলে ৷ গোপীনাথ বৰদলৈৰ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰটোও বিক্ৰী কৰিলে ব্যক্তিগত খণ্ডক ৷”

প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই ক'লে- “কামাখ্যা অসমৰ গৌৰৱ ৷ কামাখ্যা ৰে'লৱে ষ্টেচনটোও বিক্ৰী কৰিলে ৷ কংগ্ৰেছে গঢ়ি যোৱা সম্পদক আপুনি লুটিছে ডকাইতৰ দৰে ৷ ব্ৰক্ষ্মপুত্ৰৰ দুয়োকাষে এক্সপ্ৰেছ হাইৱে কৰিম বুলি কৈছিল ৷ ব্ৰক্ষ্মপুত্ৰ খনন কৰি বান আৰু গৰাখহনীয়া ৰোধ কৰিম বুলি কৈছিল ৷ কি হ'ল সেইবোৰ ? আপোনাক কেনেকৈ অসমলৈ স্বাগতম জনাম ৷ ভাড়াত আপুনি মানুহ আনিব পাৰিব সভালৈ ৷ কিন্তু কোনো মানুহ মনেপ্ৰাণে নাযায় ৷”

ৰিপুণ বৰাই আন এক প্ৰশ্ন কৰে প্ৰধানমন্ত্ৰী মোদীক ৷ বৰাই কয়- “দুটা কাগজ কল কি হ'ল? বাৰম্বাৰ আপুনি কাগজ কল দুটা পুনৰুদ্ধাৰ কৰিম বুলি কৈছিল ৷ কি হ'ল? কাগজ কল দুটাৰ মাটি যন্ত্ৰপাতি এতিয়া বিক্ৰী কৰিব ওলাইছে ৷ অসমক এপিনৰ পৰা শেষ কৰি গৈছে মোদী চৰকাৰে ৷ অসমৰ মানুহে আপোনাক কি বুলি স্বাগতম জনাব?”

প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰি ৰিপুণ বৰাই পুনৰ ক'লে- “বান সাহায্য বাবে দিবলগীয়া টকা ক'ত দিলে? অসমত ডাবল চৰকাৰ চলা বুলি কয় ৷ অসম চৰকাৰে ৮০ হাজাৰ কোটি টকা ঋণ লৈছে ৷ জন্ম পাবলগীয়া সন্তানৰ মূৰত ৩৫,৬৯০ টকা ঋণৰ বোজা লৈ জন্ম ল'ব লাগিব ৷ অসমৰ মানুহৰ ওপৰত CAA  জাপি দিলে ৷ অসম চুক্তি ৰূপায়ণৰ নামত কি? অসমত হিন্দু মুছলমানৰ বিভেদ আনিলে ৷ অসমীয়া মানুহৰ ভাষা সংস্কৃতি ধ্বংস কৰিলে আপুনি ৷ NRCকো গাপ দি ৰাখিলে আপুনি ৷ বিদেশী ইচ্ছু জীয়াই ৰাখিব বিচাৰিছে মোদীয়ে ৷ বিদেশী ইচ্ছুক লৈ দোকান খুলিছে ৷ বিদেশী বুলি ভয় দেখুৱাই ভোট লোৱাৰ বাট বিচাৰিছে ৷ GST লৈছে কিন্তু অসমৰ টকাৰ অংশ আমাক দিয়া নাই ৷ অসমত আঁঠু লোৱা পুতলা চৰকাৰ পাতি থৈছে ৷”

মুঠতে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ আগমূহূৰ্তত বৃহস্পতিবাৰে এনেদৰেই সৰব হৈ উঠা দেখা গ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক ৷
Published by: Himangshu Bhuyan
First published: January 21, 2021, 3:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি