অমিত শ্বাহে অসমীয়াক সাপ হৈ খুটিছে বেজ হৈ জাৰিছে : কংগ্ৰেছ

News18-Assam
Updated:September 11, 2019, 12:25 PM IST
অমিত শ্বাহে অসমীয়াক সাপ হৈ খুটিছে বেজ হৈ জাৰিছে : কংগ্ৰেছ
‘NRC চুড়ান্ত খচৰাত ৪১ লাখ লোকৰ নাম কৰ্তন হওঁতে বিজেপিয়ে কৃতিত্ব লৈছিল, ৰাজনীতি কৰিছিল, কিন্তু আজি NRC সম্পৰ্কত সম্পূৰ্ণৰূপে নিমাত বিজেপি নেতৃত্ব।’

‘NRC চুড়ান্ত খচৰাত ৪১ লাখ লোকৰ নাম কৰ্তন হওঁতে বিজেপিয়ে কৃতিত্ব লৈছিল, ৰাজনীতি কৰিছিল, কিন্তু আজি NRC সম্পৰ্কত সম্পূৰ্ণৰূপে নিমাত বিজেপি নেতৃত্ব।’

  • News18 Assam
  • Last Updated: September 11, 2019, 12:25 PM IST
  • Share this:
বিপুল বৰ্মন : অসমত এজনো বিদেশী থাকিব নোৱাৰিব বুলি কৈ অমিত শ্বাহে CAB কিয় আনিব বিচাৰিছে। অমিত শ্বাহে অসমৰ জনসাধাৰণক সাপ হৈ খুটি বেজ হৈ জাৰিব বিচাৰিছে বুলি সংবাদ মেলত অভিযোগ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই। NRC চুড়ান্ত খচৰাত ৪১ লাখ লোকৰ নাম কৰ্তন হওঁতে বিজেপিয়ে কৃতিত্ব লৈছিল, ৰাজনীতি কৰিছিল, কিন্তু আজি NRC সম্পৰ্কত সম্পূৰ্ণৰূপে নিমাত বিজেপি নেতৃত্ব।

বিজেপি আৰু অগপই বিদেশী ইছ্যুটো জীয়াই ৰাখি সদাই ৰাজনীতি কৰি থাকিব বিচাৰিছে বুলি সংবাদ মেলত অভিযোগ কৰে ৰিপুণ বৰাই। অসমত এজনো বিদেশী থাকিব নোৱাৰিব বুলি কৈ ৰাজনীতি কৰা অমিত শ্বাহক প্ৰদেশ কংগ্ৰেছৰ প্ৰশ্ন – আপোনালোকে CAB কিয় আনিব বিচাৰিছে?

নেডাৰ সভাত চুবুৰীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আপত্তি কৰিব পাৰিলে কিন্ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অগপৰ জাতীয়তাবাদৰ শ্লোগান দিয়া অতুল বৰা কিয় মৌন হৈ আছিল বুলিও প্ৰশ্ন কৰে ৰিপুণ বৰাই। অতুল বৰাক ভণ্ড আখ্যা দিয়ে কংগ্ৰেছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
First published: September 11, 2019, 12:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading