মুখ্যপৃষ্ঠা » খবৰ

» অসম

»অখিল গগৈয়ে ৰাহুল গান্ধীক মিত্ৰতাৰ প্রস্তাৱ দিয়াৰ পিছতে দিল্লীলৈ উৰা মাৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি

অখিল গগৈয়ে ৰাহুল গান্ধীক মিত্ৰতাৰ প্রস্তাৱ দিয়াৰ পিছতে দিল্লীলৈ উৰা মাৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি

News18 Assam | News18-Assam
Updated:September 2, 2021, 2:35 PM IST
অখিল গগৈয়ে ৰাহুল গান্ধীক মিত্ৰতাৰ প্রস্তাৱ দিয়াৰ পিছতে দিল্লীলৈ উৰা মাৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি
বুধবাৰে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰি গগৈয়ে সমাগত উপ-নির্বাচনত ৰাজনৈতিক মিত্ৰতাৰ প্রস্তাৱ দিয়ে।

বুধবাৰে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰি গগৈয়ে সমাগত উপ-নির্বাচনত ৰাজনৈতিক মিত্ৰতাৰ প্রস্তাৱ দিয়ে।

  • Share this:
শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ মাজত কথাৰ কটাকটি চলি থকাৰ মাজতে শিৱসাগৰৰ বিধায়কগৰাকীয়ে দিল্লীত ৰাহুল গান্ধীক সাক্ষাৎ কৰি দিলে মিত্ৰতাৰ প্ৰস্তাৱ। বুধবাৰে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰি গগৈয়ে সমাগত উপ-নির্বাচনত ৰাজনৈতিক মিত্ৰতাৰ প্রস্তাৱ দিয়ে।

ইয়াৰ পিছতে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা দিল্লীলৈ উৰা মাৰে। তেওঁ অখিল গগৈৰ উপস্থিতিত আজি কংগ্ৰেছৰ সাধাৰণ সম্পদকদ্বয় ক্ৰমে জিতেন্দ্ৰ সিং আৰু মুকুল ৱাচনিকৰে আলোচনাত মিলিত হ’ব। গতিকে AIUDFক এৰি ৰাইজৰ দলক লগত লৈ উপ-নিৰ্বাচন খেলাৰ দিশে আগবাঢ়িছে কংগ্ৰেছ; যদি সেয়াই হয় অনাগত উপ-নিৰ্বাচনত একাধিক সমষ্টি কংগ্ৰেছে ৰাইজৰ দলক এৰি দিব লাগিব।

অন্যহাতেদি অখিল গগৈয়ে ৰাহুল গান্ধীৰ সৈতে ২০২৪ চনৰ লোকসভা নিৰ্বাচন সন্দৰ্ভতো এক আলোচনাত মিলিত হয়। গগৈয়ে ৰাহুল গান্ধীক অনাগত লোকসভা নিৰ্বাচনত আঞ্চলিক দলসমূহ একত্ৰিত কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰস্তাৱ দিয়ে। গগৈয়ে News18ক টেলিফোনত জনোৱা মতে, এই প্রস্তাৱত গান্ধীয়ে সহমত পোষণ কৰে। আৰু কংগ্ৰেছ দলে তেনে ফেডাৰেল ফ্ৰণ্টক পূৰ্ণ সমৰ্থনত আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি দিয়ে।

উল্লেখযোগ্য যে ৰাহুল গান্ধীয়ে যোৱাটো বিধান সভা নিৰ্বাচনত কংগ্ৰেছৰ বিপর্যয়ৰ কাৰণ সম্প্ৰদায়িক মেৰুকৰণ বুলি ভাৱে। News18ৰে হোৱা এক টেলিফোনৰ বার্তালাপত গগৈয়ে কয়, ৰাহুল গান্ধীয়ে ২০২১ চনৰ বিধান সভা নিৰ্বাচনত অসমত কংগ্ৰেছ ধৰাশায়ী হোৱাৰ কাৰণ ব্যাপক সাম্প্ৰদায়িক মেৰুকৰণ বুলি অভিহিত কৰিছে। গগৈয়ে লগতে কয় ইয়াৰ কাৰণ কংগ্ৰেছ আৰু AIUDFৰে মিত্ৰতা বুলি তেওঁ ৰাহুল গান্ধীক অৱগত কৰে। ইয়াৰ লগতে গগৈয়ে কংগ্ৰেছে ৰাইজৰ দলৰ নিৰ্বাচনৰ সময়ত বিশ্বাসঘাতকতা কৰিছিল বুলিও গান্ধীক অভিযোগ দিয়ে।
Published by: Sanjay Kumar Das
First published: September 2, 2021, 2:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি