অসম চৰকাৰে ছিপাঝাৰৰ ঢলপুৰত চলোৱা উচ্ছেদ অভিযানত প্ৰতিবাদী ৰাইজে দা, যাঠী আৰু শিলেৰে আক্ৰমণ কৰাৰ সময়ত আৰক্ষীয়ে চলোৱা গুলীচালনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে অসম প্ৰদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই।
ভূপেন বৰাই এই সন্দৰ্ভত কয়- “তথ্য অনুসৰি দুগৰাকী ব্যক্তিয়ে আৰক্ষীৰ গুলীত প্ৰাণ হেৰুওৱাইছে আৰু বহু লোক আহত হৈছে। বিশেষকৈ কোভিড মহামাৰীৰ দৰে এই সংকটকালত উচ্ছেদ অভিযান আমানৱীয়। মহামান্য উচ্চতম ন্যায়ালয়ে কোভিড মহামাৰীৰ সময়ত উচ্ছেদ অভিযান স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছিল। কিন্তু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অহংকাৰী আৰু একনায়কত্ববাদী মানসিকতাৰে ১৯৭০ দশকৰ পৰা বসতি কৰি অহা ধলপুৰৰ বাসিন্দাসকলক উচ্ছেদ কৰিবলৈ লৈছে।”
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ দাবী- “উচ্ছেদ কৰাৰ আগতে চৰকাৰে পুনৰ সংস্থাপন আৰু বিকল্প বাসস্থানৰ ব্যৱস্থা কৰিব লাগিছিল। এই এলেকাৰ বাসিন্দাসকলক ২০১৬ত বিজেপি শাসনলৈ অহাৰ দিনাৰ পৰা উৎপীড়ন চলাই আহিছে। বিকল্প ভূমি আৰু বাসগৃহৰ ব্যৱস্থা নকৰিলে এই ভুক্তভোগী দুখীয়া মানুহখিনি ক'লৈ যাব আৰু কেনেকৈ তেওঁলোক জীয়াই থাকিব?”
উচ্ছেদিত লোকসকলৰ বেছিভাগেই খেতিয়ক আৰু তেওঁলোকৰ জীৱিকা উৎসৰ ওপৰত আক্ৰমণ হৈছে বুলি দাবী কৰে ভূপেন বৰাই । ভূপেন বৰাই কয়- “চৰকাৰৰ দায়িত্ব মানুহৰ কল্যাণ সাধন কৰা ৷ কিন্তু খাদ্য, বাসস্থান, শিক্ষা আদি মানুহৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰি মানুহৰ সমস্যা সৃষ্টি কৰাটো নহয়। আমি মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ, চৰকাৰে প্ৰথমতে এই মানুহখিনিৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক আৰু বলপূৰ্বকভাৱে নিৰীহ মানুহক উচ্ছেদ নকৰিব। এইটো পৰিষ্কাৰ হৈ গৈছে যে বিজেপি চৰকাৰখনে ভুৱা এনকাউণ্টাৰ আৰু এতিয়া মুক্তভাৱে মানুহক গুলীয়াই কেৱল বুলেটৰ ভাষাৰে চৰকাৰ চলোৱাৰ অভিসন্ধি ৰচিছে।”
BJP চৰকাৰৰ শাসন ব্যৱস্থাক গৰিহণা দি ভূপেন বৰাই লগতে কয়- “BJPৰ চৰকাৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে বিপজ্জনক। আমি কংগ্রেছ দলে BJP চৰকাৰক সকীয়াই দিছোঁ যে অসমক আৰক্ষী শাসিত ৰাজ্যলৈ ৰূপান্তৰিত নকৰিব।”
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|