মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ভূপেন বৰাই ক'লে: AIUDFৰে মিত্ৰতা কৰি আমি ভুল কৰিলোঁ ! সকলোৱে বিচাৰিছে কংগ্ৰেছে অকলে প্ৰতিদ্বন্দ্বিতা কৰাতো, কৰ্মীসকলৰ মনৰ কথা দলে শুনিব !

ভূপেন বৰাই ক'লে: AIUDFৰে মিত্ৰতা কৰি আমি ভুল কৰিলোঁ ! সকলোৱে বিচাৰিছে কংগ্ৰেছে অকলে প্ৰতিদ্বন্দ্বিতা কৰাতো, কৰ্মীসকলৰ মনৰ কথা দলে শুনিব !

News18 Assam | News18-Assam
Updated:September 12, 2021, 3:27 PM IST
ভূপেন বৰাই ক'লে: AIUDFৰে মিত্ৰতা কৰি আমি ভুল কৰিলোঁ ! সকলোৱে বিচাৰিছে কংগ্ৰেছে অকলে প্ৰতিদ্বন্দ্বিতা কৰাতো, কৰ্মীসকলৰ মনৰ কথা দলে শুনিব !
বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDFৰ সৈতে মিত্ৰতা কৰি কংগ্ৰেছে ভুল কৰিলে বুলি দেওবাৰে অকপটে স্বীকাৰ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ বিশ্বাসঘাটক ফণী তালুকদাৰক যোগ্য উত্তৰ দিম: আমিনুল ইছলাম

বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDFৰ সৈতে মিত্ৰতা কৰি কংগ্ৰেছে ভুল কৰিলে বুলি দেওবাৰে অকপটে স্বীকাৰ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ বিশ্বাসঘাটক ফণী তালুকদাৰক যোগ্য উত্তৰ দিম: আমিনুল ইছলাম

  • News18 Assam
  • Last Updated: September 12, 2021, 3:27 PM IST
  • Share this:
বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDFৰ সৈতে মিত্ৰতা কৰি কংগ্ৰেছে ভুল কৰিলে বুলি দেওবাৰে অকপটে স্বীকাৰ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ শিলচৰত জিলা কংগ্ৰেছৰ এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ সময়ত সোণাই সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলে AIUDFৰে বিগত নিৰ্বাচনত কংগ্ৰেছে মিত্ৰতা কৰাকলৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ কংগ্ৰেছ কৰ্মীসকলে AIUDFৰে মিত্ৰতাৰ দুৰ্ঘোৰ বিৰোধিতা কৰে সভাপতি ভূপেন বৰাৰ সন্মুখত ৷

পৰ্যালোচনা বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত ভূপেন বৰাই ক'লে- “প্ৰদেশ কংগ্ৰেছে আমি ভুল কৰিলোঁ ৷ সোণাই সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলে আজি ক্ষোভ প্ৰকাশ কৰিছে ৷ সকলোৱে বিচাৰিছে কংগ্ৰেছে অকলে প্ৰতিদ্বন্দ্বিতা কৰাতো ৷ কৰ্মীসকলৰ মনৰ কথা দলে শুনিব ৷”

ইপিনে মহাজোঁটৰ পৰা কংগ্ৰেছে আঁতৰাই পঠিওৱা AIUDFয়েও আসন্ন উপ নিৰ্বাচনত দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে ৷ AIUDFৰ জেষ্ঠ বিধায়ক আমিনুল ইছলামে দেওবাৰে ক'লে- “বহু প্ৰাৰ্থীত্ব প্ৰয়াসীয়ে টিকট বিচাৰিছে AIUDFৰ পৰা ৷ জনপ্ৰিয় আৰু জিকাৰ সম্ভৱনা থকা ব্যক্তিয়ে পাব টিকট ৷”

দল আৰু বিধায়ক পদ এৰি শাসকীয় BJPত যোগ দিয়া বহু বিৰ্তকিত ফণীধৰ তালুকদাৰক আসন্ন উপ নিৰ্বাচনত হৰুৱাবলৈও সাজু হেনো AIUDF ৷ আমিনুল ইছলামে কৈয়ে দিলে- “বিশ্বাসঘাটক ফণীক যোগ্য উত্তৰ দিয়া হ'ব উপ নিৰ্বাচনত ৷ ভৱানীপুৰ আমাৰ আৰু আমাৰেই হৈ থাকিব ৷ ভৱানীপুৰবাসীয়ে বিশ্বাসঘাতক ফণীক যোগ্য উত্তৰ দিবলৈ সাজু হৈছে ৷”

মুঠতে উপ নিৰ্বাচনক লৈ এতিয়া এনেদৰে সাজু হৈছে বিৰোধী কংগ্ৰেছ আৰু AIUDF ৷ অৱশ্যে শাসকীয় মিত্ৰজোঁটক কেনেদৰে বিৰোধী কংগ্ৰেছ আৰু AIUDFয়ে পৰাভূত কৰিব পাৰিব, সেয়াহে চিন্তনীয় বিষয় ৷
Published by: Kokil Sarma
First published: September 12, 2021, 3:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি