তিতাবৰত তেওঁৰ কেবিনেট মন্ত্ৰীয়ে কৈছে এতিয়া ৰাম নাই অযোধ্যাও নাই। তাৰ মানে তৰুণ গগৈ ৰাম আছিল। তেওঁৰ দিনত অসম অযোধ্যা আছিল। এতিয়া তেওঁলোকৰ মতেই এতিয়া ৰাবনে দেশ চলাই আছে। ক’লে ভূপেন বৰাই।
তিতাবৰত তেওঁৰ কেবিনেট মন্ত্ৰীয়ে কৈছে এতিয়া ৰাম নাই অযোধ্যাও নাই। তাৰ মানে তৰুণ গগৈ ৰাম আছিল। তেওঁৰ দিনত অসম অযোধ্যা আছিল। এতিয়া তেওঁলোকৰ মতেই এতিয়া ৰাবনে দেশ চলাই আছে। ক’লে ভূপেন বৰাই।
DGPক সাক্ষাৎ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীক সাক্ষাৎ কৰি ভূপেন বৰাই সাম্প্ৰতিক কেতবোৰ ঘটনা প্ৰবাহক লৈ তুলিলে প্ৰশ্ন। সংবাদ মাধ্যমৰ আগত এপিচিচিৰ সভাপতি ভূপেন বৰাই কয়, ‘‘কৰ্তব্যৰত আৰক্ষী বিষয়াক পিটিকা বনাই দিম বুলি ক’লে ব্যৱস্থা ল’বনে নাই সুধিলো। DGPয়ে ক’লে ব্যৱস্থা লোৱা হ’ব। Z নিৰাপত্তা পোৱা মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ বহু দায়িত্ব থাকে। উপায়ুক্তই বিধি অনুসৰি কাম কৰিছেনে বিধি ভংগ কৰিছে? আমি জানিব বিচাৰিছিলো। মুখ্যমন্ত্ৰীয়ে যে কয় মই এনকাউণ্টাৰ কৰিবলৈ কৈছো। এয়া আৰক্ষীৰ কামত হস্তক্ষেপ হয়নে নহয়। তেওঁ কলে no comment।’’.
ভূপেন বৰাই কয়, ‘‘উচ্চতম ন্যায়ালয়ে কৈছে যে কোভিড ভেকচিন স্বেচ্ছামূলকহে। বাধ্য কৰাব নোৱাৰে। কৰ্মচাৰী কাৰ্যালয়ৰ পৰা উলিয়াই পঠিওৱা সদৰ্ভত ভূপেন বৰাৰ মতে আমাৰ মুখ্যমন্ত্ৰী উচ্চতম ন্যায়ালয়তকৈ ওপৰত। তেওঁৰ ক্ষমতাই মূৰত ধৰিছে।’’
তিতাবৰত তেওঁৰ কেবিনেট মন্ত্ৰীয়ে কৈছে এতিয়া ৰাম নাই অযোধ্যাও নাই। তাৰ মানে তৰুণ গগৈ ৰাম আছিল। তেওঁৰ দিনত অসম অযোধ্যা আছিল। এতিয়া তেওঁলোকৰ মতেই এতিয়া ৰাবনে দেশ চলাই আছে। ক’লে ভূপেন বৰাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|