বৰ্তমান সময়ত অসমৰ অৰ্থনৈতিক অৱস্থা খুৱ বেয়া, চৰকাৰৰ ৰাজভঁৰাল সম্পূৰ্ণ উদং। চৰকাৰ চলোৱাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে। এই গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। চতুৰ আৰু চলাহি কথাৰে মুখ্যমন্ত্ৰীয়ে ৰাজ্য চলাইছে আছে বুলি মন্তব্য কৰি তেনেদৰে বেছিদিন চৰকাৰ চলোৱাটো অসম্ভৱ বুলিও ক’লে ভূপেন বৰাই।
‘‘অসমৰ অৰ্থনৈতিক অৱস্থা খুৱ বেয়া। অসম চৰকাৰৰ ৰাজ ভঁৰাল শূন্য। তাৰ পিছতো ৰাজ্যৰ অৰ্থনৈতিক বিকাশৰ বাবে মুঠেই গুৰুত্ব দিয়া নাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।’’ News18ৰ সন্মুখত এই অভিযোগ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন বৰাই।
ভূপেন বৰাৰ মতে, আৰ্থিক দুৰৱস্থাৰ বাবেই চৰকাৰে এজন নিৱনুৱাকো কৰ্মসংস্থাপন দিব পৰা নাই। চৰকাৰে বছৰত ৫ লাখ নিবনুৱাক চাকৰি দিম বুলি কৈছিল, সমান্তৰালকৈ বান, খহনীয়া সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি পালনতো চৰকাৰ ব্যৰ্থ হৈছে। মুঠৰ ওপৰত ৰাজ্যৰ সমগ্ৰ উন্নয়ন স্থবিৰ হৈ পৰিছে বুলি অভিযোগ কৰে প্ৰদেশ কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে।
কেৱল চলাহি কথা আৰু উপ–নিৰ্বাচনেৰে চৰকাৰ নচলে। অদৰকাৰী আৰু অলাগতীয়াল বিষয়ত মুখ্যমন্ত্ৰীয়ে অযথা মূৰ ঘমাইছে বুলি অভিযোগ তোলে ভূপেন বৰাই। ৰাজ্যখনৰ উন্নয়নৰ বাবে আৰু সৰ্ব সাধাৰণ লোকৰ মংগলৰ বাবে কাম কৰিবলৈ মুখ্যমন্ত্ৰীখ দাবী জনায় ভূপেন বৰাই।
বিজেপিয়ে নিৰ্বাচনৰ সময়ত ভোটাৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিবলৈ দাবী জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাই চৰকাৰক নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুযায়ী চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা, গাঁও–চহৰৰ মহিলাক আৰ্থিক সকাহ দিয়াৰ কথা, বান, খহনীয়া, নিবনুৱা সমস্যা সমাধানৰ দাবী জনায়।
আসমৰ সীমা সমস্যা সমাধানত চৰকাৰে মনোযোগ দিয়ক বুলি কৈ চৰকাৰক সমালোচনা কৰে ভূপেন বৰাই। কংগ্ৰেছ দলক শক্তিশালী কৰাৰ স্বাৰ্থত ৰাজ্যত ৩৩ লাখ সদস্যভুক্তি অভিযানো দলে আৰম্ভ কৰিছে। ইফালে কংগ্ৰেছে পুনৰবাৰ 'কা' বাতিলৰ দাবী জনালে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : November 22, 2021, 17:01 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|