মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Assam-Mizoram Border Clash : ‘অসমত এতিয়া আৰক্ষী অধীক্ষকতকৈ গৰুৰ সুৰক্ষা বেছি’ – মুখ্যমন্ত্ৰীক কটাক্ষ APCCৰ সভাপতি ভূপেন বৰাৰ

Assam-Mizoram Border Clash : ‘অসমত এতিয়া আৰক্ষী অধীক্ষকতকৈ গৰুৰ সুৰক্ষা বেছি’ – মুখ্যমন্ত্ৰীক কটাক্ষ APCCৰ সভাপতি ভূপেন বৰাৰ

News18 Assam | News18-Assam
Updated:July 27, 2021, 1:41 PM IST
Assam-Mizoram Border Clash : ‘অসমত এতিয়া আৰক্ষী অধীক্ষকতকৈ গৰুৰ সুৰক্ষা বেছি’ –  মুখ্যমন্ত্ৰীক কটাক্ষ APCCৰ সভাপতি ভূপেন বৰাৰ
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম-মিজোৰাম সীমান্তৰ ভয়ানক সংঘাতৰ সময়তো নেডাৰ ৰাজনীতিত ব্যস্ত থকাৰ কথা উল্লেখ কৰিও তীব্ৰ সমালোচনা কৰে বৰাই।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম-মিজোৰাম সীমান্তৰ ভয়ানক সংঘাতৰ সময়তো নেডাৰ ৰাজনীতিত ব্যস্ত থকাৰ কথা উল্লেখ কৰিও তীব্ৰ সমালোচনা কৰে বৰাই।

  • Share this:
"অসমত এতিয়া আৰক্ষী অধীক্ষকতকৈ গৰুৰ সুৰক্ষা বেছি। এইখন চৰকাৰৰ দিনত অসম আৰক্ষীৰ জোৱানৰে সুৰক্ষা নাই। আনকি আৰক্ষী অধীক্ষকৰো সুৰক্ষা নাই। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা কেৱল সস্তীয়া জনপ্ৰিয়তা অৰ্জনত ব্যস্ত।"- আজি অসম-মিজোৰাম সংঘাতৰ বাবে ৭জন আৰক্ষীৰ জোৱানে প্ৰাণ হেৰুৱাব লগা হোৱা ঘটনাৰ বাবে এইদৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰে প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি ভূপেন বৰাই।

ভূপেন বৰাই অসম চৰকাৰৰ ভুলৰ বাবেই ৭জনকৈ আৰক্ষীৰ জোৱানে কৰুণভাৱে মৃত্যুক সাবটি ল'বলগা হ'ল বুলি মন্তব্য কৰাৰ লগতে কয় যে অসমত এতিয়া কেৱল গৰুৰহে সুৰক্ষা আছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম-মিজোৰাম সীমান্তৰ ভয়ানক সংঘাতৰ সময়তো নেডাৰ ৰাজনীতিত ব্যস্ত থকাৰ কথা উল্লেখ কৰিও তীব্ৰ সমালোচনা কৰে বৰাই।

আনহাতে, অসম-মিজোৰামৰ সংঘাতত অসম আৰক্ষীক কিয় গুলী চলাবলৈ অনুমতি নিদিলে বুলিও আক্ষেপ প্ৰকাশ কৰি ভূপেন বৰাই কয়, "আমাৰ অসমীয়াৰ গাতো লাচিত-চিলাৰায়ৰ তেজ আছে। কিন্তু আমাৰ অসম আৰক্ষীৰ জোৱানসকল শৃংখলাবদ্ধ। তেওঁলোকে অনুমতি নাপালে কেতিয়াও নিয়ম উলংঘা কৰি গুলীবৰ্ষণ নকৰে আৰু ইয়াৰ বাবে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জগৰীয়া।"

আনহাতে, থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ বিজেপি গমন সন্দৰ্ভত ভূপেন বৰাই কয়, "সমগ্ৰ ভাৰততে দল-বাগৰাৰ প্ৰৱণতা চলিছে। অসমতো ব্যতিক্ৰম নহয়। অৱশ্যে সুশান্ত বৰগোহাঁয়ে মোক কংগ্ৰেছৰ সভাপতিৰ বাবে শেষ মুহূৰ্তলৈকে সমৰ্থন কৰিছিল। তেওঁ বৰ্তমানলৈকে কংগ্ৰেছ ত্যাগ কৰাৰ বিষয়ে মোক জনোৱা নাই। তেওঁৰ তেজত কংগ্ৰেছ আছে আৰু হাইকামাণ্ডৰ সৈতেও তেওঁৰ সম্পৰ্ক ভাল। সেয়ে মই আশাবাদী।"

ইপিনে, অলিম্পিকত লাভলীনাৰ সাফল্যৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি সভাপতি ভূপেন বৰাই কয়, "এই দুখৰ সময়তো লাভলীনাই অসমবাসীৰ মুখত হাঁহি বিৰিঙাইছে। আমাৰ আশা, লাভলীনাই অলিম্পিকত ভাৰতৰ নাম উজলাব।"

উল্লেখযোগ্য যে, আজি নগাঁও ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক আদৰণি জনায় বিধায়ক নুৰুল হুদা, শিৱামণি বৰা, শশীকান্ত দাসৰ লগতে জিলা কংগ্ৰেছৰ সভাপতি তপন শৰ্মা আৰু আন আন বিষয়ববীয়াসকলে।
Published by: Sanjay Kumar Das
First published: July 27, 2021, 1:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি