• Home
  • »
  • News
  • »
  • assam
  • »
  • AIUDFক বিজেপি সমৰ্থিত বিৰোধী দল আখ্যা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ, ক’লে – ৰাজ্যৰ ৰাজনীতিত আছে দুই প্ৰকাৰৰ বিৰোধী

AIUDFক বিজেপি সমৰ্থিত বিৰোধী দল আখ্যা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ, ক’লে – ৰাজ্যৰ ৰাজনীতিত আছে দুই প্ৰকাৰৰ বিৰোধী

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আঙুলিৰ ঠাৰত ইউপিপিএল আৰু বিপিএফক নচুৱাই বিটিআৰত আঞ্চলিকতাবাদী ৰাজনীতি ধ্বংস হোৱা বুলি অভিযোগ কৰে বৰাই৷

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আঙুলিৰ ঠাৰত ইউপিপিএল আৰু বিপিএফক নচুৱাই বিটিআৰত আঞ্চলিকতাবাদী ৰাজনীতি ধ্বংস হোৱা বুলি অভিযোগ কৰে বৰাই৷

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আঙুলিৰ ঠাৰত ইউপিপিএল আৰু বিপিএফক নচুৱাই বিটিআৰত আঞ্চলিকতাবাদী ৰাজনীতি ধ্বংস হোৱা বুলি অভিযোগ কৰে বৰাই৷

  • Share this:
এআইউডিএফক বিজেপি সমৰ্থিত বিৰোধী দল আখ্যা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ৷ আজি সপ্তমীৰ দিনা বঙাইগাঁৰ মা বাঘেশ্বৰী মন্দিৰত সেৱা লৈ এআইউডিএফক তীব্ৰ সমালোচনা কৰে৷ বৰাই কয় যে উগ্ৰপন্থী সংগঠনৰ পুঁজি যোগানৰ অভিযোগ উত্থাপন কৰি এআইউডিএফৰ বিৰুদ্ধে NIAৰ তদন্তৰ পোষকতা কৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই একে দলৰে পৰা ধন লোৱা কাৰ্যক সমালোচনা কৰি এআইউডিএফৰ ভূমিকাক তীব্ৰ কটাক্ষ কৰে৷

এআইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলসহ দলীয় নেতৃত্ব সম্প্ৰতি শাসকীয় বিজেপিৰ তোষামোদৰ ৰাজনীতি কৰি অহা বুলি অভিযোগ কৰি গৰুখুটি কাণ্ডৰ পিছতো এআইউডিএফ দলে বিজেপি দলৰ প্ৰশংসাত পঞ্চমুখ হৈ থকা বুলি সমালোচনা কৰে৷

আনহাতে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আঙুলিৰ ঠাৰত ইউপিপিএল আৰু বিপিএফক নচুৱাই বিটিআৰত আঞ্চলিকতাবাদী ৰাজনীতি ধ্বংস হোৱা বুলি অভিযোগ কৰে বৰাই৷ আগন্তক বিধানসভাৰ উপ–নিৰ্বাচনত বিৰোধীয়ে বিৰোধী হৈ পৰা বুলি উল্লেখ কৰি সম্প্ৰতি ঠিকাদাৰ বিৰোধী আৰু প্ৰকৃত বিৰোধী নামৰ ৰাজ্যৰ ৰাজনীতিত দুইবিধ বিৰোধী থকা বুলি মন্তব্য কৰে বৰাই৷

আজি বাঘেশ্বৰী মন্দিৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই দলীয় কৰ্মীসকলৰ সৈতে সেৱা জনাই মূল্যবৃদ্ধিকে ধৰি একাধিক সমস্যাই জৰুলা কৰা ৰাজ্যবাসীক পৰিত্ৰাণ দিয়াৰ বাবে শাসকীয় বিজেপি দলক সুমতি দিয়াৰ প্ৰাৰ্থনা কৰা বুলি জানিব দিয়ে৷ একেদৰে ৰাজ্যবাসীৰ মংগল কামনাৰ উপৰি কংগ্ৰেছ দলক  ৰাইজৰ আস্থাভাজন হিচাপে গঢ়ি তোলাৰ প্ৰাৰ্থনা কৰা বুলিও বৰাই প্ৰাৰ্থনা কৰে বুলি জনিব দিয়ে৷
Published by:Sanjay Kumar Das
First published: