• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰিপুণ বৰাক ৰাজনৈতিক ভাবে ধ্বংস কৰাৰ ষড়যন্ত্ৰত নামিছে নেকি APCCৰ সভাপতি ভূপেন বৰা? AIUDFৰ বিধায়কৰ বিস্ফোৰক মন্তব্য...

ৰিপুণ বৰাক ৰাজনৈতিক ভাবে ধ্বংস কৰাৰ ষড়যন্ত্ৰত নামিছে নেকি APCCৰ সভাপতি ভূপেন বৰা? AIUDFৰ বিধায়কৰ বিস্ফোৰক মন্তব্য...

দলৰ সভাপতি ভূপেন বৰাই ৰিপুণ বৰাৰ ৰাজনৈতিক কেৰিয়াৰ ধ্বংস কৰিলে ৷ ৰিপুণ বৰাক সাংসদ হোৱাটো বিচৰা নাই ভূপেন বৰাই- অভিযোগ AIUDF দলৰ বিধায়কৰ।

দলৰ সভাপতি ভূপেন বৰাই ৰিপুণ বৰাৰ ৰাজনৈতিক কেৰিয়াৰ ধ্বংস কৰিলে ৷ ৰিপুণ বৰাক সাংসদ হোৱাটো বিচৰা নাই ভূপেন বৰাই- অভিযোগ AIUDF দলৰ বিধায়কৰ।

দলৰ সভাপতি ভূপেন বৰাই ৰিপুণ বৰাৰ ৰাজনৈতিক কেৰিয়াৰ ধ্বংস কৰিলে ৷ ৰিপুণ বৰাক সাংসদ হোৱাটো বিচৰা নাই ভূপেন বৰাই- অভিযোগ AIUDF দলৰ বিধায়কৰ।

  • Share this:
ৰাজ্যসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ফাঁট মেলিল কংগ্ৰেছ-AIUDFৰ মিত্ৰতা ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই সম্বোধন কৰা এখন সংবাদমেলৰ পিছতে দুই দলৰ আভ্যন্তৰত চলি থকা আন্তঃকন্দল পোহৰলৈ আহিছে ৷

AIUDFৰ নেতা হাফিছ বৰিচ আহমেদে কয়, 'কংগ্ৰেছে নিজৰ পুৰণি চৰিত্ৰ প্ৰকাশ কৰিছে ৷ আমি মৰ্মাহত ৷ প্ৰাৰ্থী ঘোষণাৰ সময়ৰ পৰাই কংগ্ৰেছৰ প্ৰাৰ্থীক একাধিকবাৰ ভোট দিম বুলি কৈ আহিছিলো ৷ কিন্তু তাৰ বিপৰীতে কংগ্ৰেছ ৷'

দলৰ সভাপতি ভূপেন বৰাই ৰিপুণ বৰাৰ ৰাজনৈতিক কেৰিয়াৰ ধ্বংস কৰিলে ৷ ৰিপুণ বৰাক সাংসদ হোৱাটো বিচৰা নাই ভূপেন বৰাই ৷ সেয়েহে এনে চক্ৰান্ত ৰচাৰ অভিযোগ AIUDFৰ বিধায়কগৰাকীৰ ৷ আনকি ভূপেন বৰাই AIUDF দলৰ জনপ্ৰিয়তা ধ্বংস কৰাৰ চেষ্টা কৰা বুলিও অভিযোগ কৰে বিধায়ক হাফিছ বৰিচ আহমেদে।

লগতে বিধায়কগৰাকীয়ে কয় যে, 'কংগ্ৰেছ হতাশাত ভুগিছে ৷ কংগ্ৰেছৰ ২৬ জন বিধায়ক একত্ৰিত হ'ব পৰা নাই। যাৰ বাবে AIUDFক দোষাৰোপ কৰিছে ৷ ৰিপুণ বৰাই নিজ হাতে লিখিছিল এজেণ্ট পত্ৰ ৷ সেয়ে আমি নিশ্চিত আছিলো ১৫ জন একেলগে ভোট দিম ৷ কিন্তু এতিয়া আলোচনাৰ প্ৰযোজন আছে।

আনহাতে AIUDFৰ বিধায়ক আমিনুল ইছলামে কংগ্ৰেছক সমালোচনা কৰি কয় যে, 'কংগ্ৰেছে চেলু বিচাৰি আছিল ৷ দলৰ এনে সিদ্ধান্তই ৰিপুণ বৰাক ৰাজনৈতিক ভাবে হত্যা কৰিলে।'
Published by:Himangshu Bhuyan
First published: