'মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ টাৰ্গেট ৰাজ্যৰ ১২৬ খন আসন লাভ। মুখ্যমন্ত্ৰীৰ এই সপোন বাস্তৱত ৰূপায়ন হ'ব।'-এই মন্তব্য আগবঢ়াইছে কমলপুৰ সমষ্টিৰ বিজেপি বিধায়ক দিগন্ত কলিতাই। দিগন্ত কলিতাৰ মতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো মনে প্ৰাণে বিজেপিত যোগ দিব বিচাৰে।
বিধায়ক কলিতাই কয় যে,'মুখ্যমন্ত্ৰীৰ টাৰ্গেট ১২৬ খন আসন। আগন্তুক দিনত অসমৰ ১২৬ খন আসনতেই বিজেপিৰে বিধায়ক হ'ব।' কংগ্ৰেছী সকলকো গান্ধী পৰিয়াল ত্যাগ কৰি বিজেপিত যোগদানৰ আহ্বান জনালে কমলপুৰ সমষ্টিৰ বিজেপি বিধায়ক দিগন্ত কলিতাই।
দিগন্ত কলিতাৰ স্পষ্ট মত, আগন্তুক মাজুলী সমষ্টিৰ উপ নিৰ্বাচনৰ সময়তো আৰু তিনি চাৰিটা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। কমলপুৰ সমষ্টিৰ বিজেপি বিধায়ক দিগন্ত কলিতাৰ মতে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰায়ো মনে প্ৰাণে বিজেপিতে যোগ দিব বিচাৰে।
PSO ত্যাগ সম্পৰ্কতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দিগন্ত কলিতাই। দিগন্ত কলিতাই নিউজ১৮ক জনাই যে, তেওঁ বিজেপিৰ কাৰ্য্যকৰ্তা থাকোতে কেতিয়াও PSO ব্যৱহাৰ কৰা নাছিল কিন্তু এতিয়া বিধায়ক হিচাপে তেওঁৰ লগত ৰাখিছে PSO।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|