জৰুৰীভাৱে তলব কৰি নি কংগ্ৰেছ হাইকমাণ্ডে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কি কথা ক'লে? ক'লে নেকি বদৰুদ্দিন আজমলৰ AIUDFৰ সৈতে মিত্ৰতা কৰিবলৈ? এই বিষয়ত বৃহস্পতিবাৰৰ পৰা চলি আছে ব্যাপক চৰ্চা ৷ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই AIUDFৰ সৈতে মিত্ৰতাৰ প্ৰসংগক নসাৎ কৰিলেও BJPয়ে এৰি দিয়া নাই কংগ্ৰেছ নেতৃত্বক সমালোচনা কৰিবলৈ ৷
বৃহস্পতিবাৰে জৰুৰীভাৱে দিল্লীত উপস্থিত হ'লগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ বৃহস্পতিবাৰে সন্ধিয়া দিল্লীত হাইকমাণ্ডৰ সৈতে বহিল দীঘলীয়া আলোচনা ৷ এই আলোচনাত হাইকমাণ্ডে কি নিৰ্দেশনা দিলে ভূপেন বৰাক? সেয়া অস্পষ্ট বা জানিব পৰা যোৱা নাই ৷ ভূপেন বৰাক হাইকমাণ্ডে দিল্লীলৈ তলব কৰি নিয়াৰ প্ৰসংগত দিছপুৰত ব্যাপক চৰ্চা চলিছে ৷ চৰ্চা মতে AIUDFৰ সৈতে মিত্ৰতা কৰিবলৈ ভূপেন বৰাক জৰুৰীকালীন ভাৱে মাতি নিছে হাইকমাণ্ডে ৷ ভূপেন বৰাই শুকুৰবাৰে AICCৰ সাংগঠনিক সাধাৰণ সম্পাদক কে চি ভেনুগোপালকো সাক্ষাৎ কৰে ৷ বৰাই দাবী কৰা মতে হাইকমাণ্ডে AIUDFৰে মিত্ৰতা কৰাৰ সম্পৰ্কত কোনো কথা কোৱা নাই ৷
পিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ সন্দৰ্ভত শুকুৰবাৰে প্ৰশ্ন কৰাত জাঙুৰ খাই উঠিল এসময়ৰ কংগ্ৰেছী বিধায়ক তথা এতিয়াৰ BJPৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ ৰূপজ্যোতিৰ প্ৰশ্ন— “কোন ভূপেন বৰা? কবিতা, গান লিখিব বিচৰা সেইজন অকৰ্মন্য ভূপেন বৰা নেকি?”
লগতে ৰূপজ্যোতিৰ দাবী— “হাৰি হাৰি ভূপেন বৰাই কংগ্ৰেছক ইতিহাসৰ পাতত তুলিছে গৈ ৷ এতিয়া কংগ্ৰেছ আৰু AIUDFৰ কথা পাতি একো লাভ নাই ৷”
AIUDFৰে মিত্ৰতাৰ সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ দাবী— “এই পৰ্যন্ত AIUDFৰে মিত্ৰতাৰ কোনো স্থল নাই ৷ মই সভাপতিৰ সৈতে একমত ৷”
দেৱব্ৰত শইকীয়াৰ দৰে একেই মত দিলে বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰায়েও AIUDFৰে মিত্ৰতা নহ'ব বুলি দাবী কৰিলে ৷
পিছে; AIUDFৰে মিত্ৰতা শেষ মুহূৰ্তত কংগ্ৰেছে কৰিব গৈ নেকি? সেয়া এতিয়া এক লাখ টকীয়া প্ৰশ্ন ৷
Published by: Kokil Sarma
FIRST PUBLISHED : February 10, 2023, 16:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।