ৰাইজৰ দলৰ সৈতে দূৰত্ব বাঢ়িছে কংগ্ৰেছৰ। আনহাতে ৰাইজৰ দলৰ সৈতে কংগেছে মিত্ৰতা নকৰিলে অসমত কংগ্ৰেছ শূন্য হ'ব বুলি অখিল গগৈয়ে কৰা মন্তব্যক লৈ জাঙুৰ খাই উঠিছে কংগ্ৰেছ নেতৃত্ব। কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে মন মিলিছে বুলি মন্তব্য কৰাৰ পিছতো অখিল গগৈয়ে এনে মন্তব্য কৰাৰ লগতে কংগ্ৰেছৰ সৈতে দূৰত্ব বঢ়োৱা কাম–কাজ কৰি অহা বুলি মন্তব্য কৰে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।
'অখিল গগৈয়ে শূন্যৰ লগত কেনেকৈ মিলিব আৰু শূন্যৰ লগত সম্বন্ধ কেনেকৈ হ'ব' বুলি বৃহস্পতিবাৰে দুপৰীয়া হাই কমাণ্ডৰ সৈতে আলোচনাত মিলিত হোৱাৰ উদ্দেশ্য দিল্লীলৈ যোৱাৰ আগমুহূৰ্তত কংগ্ৰেছ সভাপতি ভূপেন বৰাই বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ এইদৰে মন্তব্য কৰে। আনহাতে অসম জাতীয় পৰিষদৰ সৈতে মিত্ৰতা সন্দৰ্ভত আলোচনা চলি থকা বুলি কৈ লুৰিণজ্যোতি গগৈক বিধানসভাৰ মজিয়ালৈ অহাটো বিচাৰে বুলিও মন্তব্য কৰে বৰাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|