உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • জলপান খোৱা, গামোছা পিন্ধা, মুখ্যমন্ত্ৰীৰ কনভয়ৰ সিদ্ধান্ত লয় নেকি কেবিনেটত ? সৰৱ বিৰোধী দল কংগ্ৰেছ ...

    জলপান খোৱা, গামোছা পিন্ধা, মুখ্যমন্ত্ৰীৰ কনভয়ৰ সিদ্ধান্ত লয় নেকি কেবিনেটত ? সৰৱ বিৰোধী দল কংগ্ৰেছ ...

    শুকুৰবাৰে সৰৱ হৈ উঠিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ ড° হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে ক'ত কেতিয়া জলপান খাব, ট্ৰেফিক নিয়ন্ত্ৰণ কৰা, মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাবে কিমান সময় গাড়ী ৰাখিব আদি সিদ্ধান্ত কেবিনেটত লৈ কেবিনেটৰ মৰ্যাদা লাঘৱ কৰিছে বুলি দাবী কৰে ভূপেন বৰাই ৷

    • Share this:
    ৰাজ্যিক কেবিনেটত  গ্ৰহণ কৰা কেতবোৰ সিদ্ধান্ত সন্দৰ্ভত শুকুৰবাৰে সৰৱ হৈ উঠিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ ড° হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে ক'ত কেতিয়া জলপান খাব, কোন জিলাত কেবিনেট পাতিব, ট্ৰেফিক নিয়ন্ত্ৰণ কৰা, মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাবে কিমান সময় গাড়ী ৰাখিব আদি সিদ্ধান্ত কেবিনেটত লৈ কেবিনেটৰ মৰ্যাদা লাঘৱ কৰিছে বুলি দাবী কৰে ভূপেন বৰাই ৷

    ড° হিমন্ত বিশ্ব শৰ্মাৰ সাপ্তাহিক কেবিনেটত গ্ৰহণ কৰা কেতবোৰ সিদ্ধান্তক লৈ এতিয়া সৰৱ হৈ উঠিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ ভূপেন বৰাৰ দাবী-  “কেবিনেটত লোৱা সিদ্ধান্তই  লাঘৱ কৰিছে কেবিনেটৰ মৰ্যাদা ৷”

    আচলতে বৃহস্পতিবাৰে জনতা ভৱনত অনুষ্ঠিত হোৱা ড° শৰ্মাৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা কেতবোৰ সিদ্ধান্তক লৈ সৰৱ হৈ উঠিল ভূপেন বৰা ৷ বৃহস্পতিবাৰে ড° শৰ্মাৰ কেবিনেটত লোৱা হৈছিল মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাবে সৰ্বসাধাৰণৰ গাড়ী সৰ্বাধিক দুই মিনিট ৰাখিব পাৰিব বুলি সিদ্ধান্ত ৷ মুখ্যমন্ত্ৰীৰ কনভয়ত গাড়ীৰ সংখ্যাৰ ওপৰতো লোৱা হৈছিল সিদ্ধান্ত ৷ লগতে লোৱা হৈছিল চৰকাৰী অনুষ্ঠানত মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু আমোলাক সম্বৰ্দ্ধনা নজনোৱাৰ সিদ্ধান্তক ৷

    এইবোৰ সিদ্ধান্তক লৈ শুকুৰবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিলে ভূপেন বৰাই ৷

    প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দাবী- “কেবিনেটৰ এইবোৰ সিদ্ধান্তই অসমৰ আৰ্থ-সামাজিক উন্নয়ন সাধন কৰিব নেকি? জ্বলন্ত সমস্যাসমূহ সমাধান কৰিব নেকি?”

    লগতে বাজেট বৰ্হিভূতভাৱে আঁচনি ঘোষণা কৰি বিপাঙত পৰাৰ বাবেই বৃহস্পতিবাৰৰ কেবিনেটত মন্ত্ৰীয়ে বিত্ত বিভাগৰ অনুমোদন অবিহনে কোনো আঁচনি ঘোষণা কৰিব নোৱাৰিব বুলি সিদ্ধান্ত লৈছে বুলি ভূপেন বৰাই কটাক্ষ কৰে ৷

    প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ এই দাবীক তাৎক্ষণিকভাৱে নাকচ কৰে সংসদীয় পৰিক্ৰমা তথা তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুশ হাজৰিকাই ৷ হাজৰিকাই ক'লে- “ৰাজ্যৰ বিত্তীয় অবস্থা খুবেই ভাল ৷ বাজেটৰ বাহিৰৰ কিবা এটি ঘোষণা কৰাটো যুক্তিসংগত নহয় ৷ সেই বাবে ৰাইজে বেয়া পোৱা যিকোনো ঘোষণা যাতে নকৰে তাৰ বাবেহে এনে সিদ্ধান্ত লোৱা হৈছে ৷”

    উল্লেখযোগ্য যে ড° হিমন্ত বিশ্ব শৰ্মাৰ সাপ্তাহিক কেবিনেটক লৈ প্ৰথমৰে পৰাই বিৰোধী কংগ্ৰেছে সৰৱ হৈ আহিছে ৷
    Published by:Kokil Sarma
    First published: