চূড়ান্ত হতাশগ্ৰস্ততা দল ত্যাগ কৰিছে সুস্মিতাই। এটা নিৰ্বাচনত পৰাজয় বৰণ কৰি মনোবল হেৰুৱাইছে সুস্মিতাই। গান্ধী পৰিয়ালৰ সৈতে ভাল সম্বন্ধ থকা এটা পৰিয়াল। ক্ষতি আমাৰ হ'ব, কিন্তু আমি আৰু বহু সুস্মিতাক বিচাৰি উলিয়াব লাগিব। সুস্মিতা দেৱে দল ত্যাগ কৰাৰ পিছত এই প্ৰতিক্ৰিয়া অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।