অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই বিজেপিয়ে অসমত ‘ভাৰত জোৰো যাত্ৰা’ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে। ৰামায়ণ-মহাভাৰতৰ কথা কৈ বিজেপিক প্ৰত্যুত্তৰ দি কংগ্ৰেছ সভাপতিজনে কয়, ‘ৰাৱণে ৰামক কিমান যে তিৰষ্কাৰ কৰিছিল, ৰাম কিন্তু তিলমানো বিচলিত হোৱা নাছিল। মহাভাৰততো দুৰ্যোধনৰ অহংকাৰৰ বাবেই পতন হৈছিল। বিজেপিৰ বিধায়কে ভাওনাতো দুৰ্যোধনৰ ভাও দিয়ে। ৰাইজে বুজিছে যে বিজেপিৰ নেতাসকল দুৰ্যোধনৰ চৰিত্ৰৰ যোগ্য।’’
তেওঁ কয় যে বিজেপিয়ে ধুবুৰীত ৰামৰায় সত্ৰ থকাৰ কথা হয়তো নাজানে। লগতে কয় যে মুখ্যমন্ত্ৰীক তিনিমাহ ধৰি মাতি থকাৰ পিছতো ৰামৰায় সত্ৰৰ কীৰ্তনঘৰ মুকলি কৰিবলৈ যোৱা নাছিল। ইয়াৰোপৰি কংগ্ৰেছে ৰামৰায় সত্ৰলৈ ২৫ লাখ টকা আগবঢ়োৱাৰ কথা তেওঁ জনায়।
ভূপেন বৰাই কয় যে, "ধুবুৰীত মহামায়াৰ দৰে বিখ্যাত শক্তিপীঠ আছে, শংকৰ–নানকৰ মিলনথলীলৈ অহা কাৰণে অস্তিত্ব বিপন্ন হ’ব নেকি? ধুবুৰীত স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তিত কি লিখা আছে বিজেপিয়ে পঢ়ি লওক।’’
বিজেপিয়ে উন্নয়ন , অসম চুক্তি, নদী খনন, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, বানপানী, গুৱাহাটীৰ কৃত্ৰিম বানপানী, ব্ৰহ্মপুত্ৰ নদী খনন আদিৰ কথা ক’ব নোৱাৰে বুলিও ভুপেন বৰাই উল্লেখ কৰে। বিজেপিয়ে ক্ষমতাত থাকিবলৈ বিভাজনৰ ৰাজনীতিৰ গ্ৰহণ কৰিছে বুলি কৈ সুৰাৰ ব্যৱসায় কৰাৰ বাহিৰে বিজেপি চৰকাৰৰ উপায় নাই বুলিও তেওঁ কটাক্ষ কৰে। লগতে মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰত তেল ভৰাবলৈ মদৰ ব্যৱসায় কৰিব লগা হৈছে বুলি মন্তব্য কৰে ভূপেন বৰাই। তেওঁ কয় যে হেলিকপ্টাৰ উৰুৱাবলৈ মুখ্যমন্ত্ৰীয়ে সুৰাৰ ব্যৱসায় বৃদ্ধি কৰিছে বাবে ৰাজ্যত ৫০০ সুৰাৰ দোকান মুকলি কৰিবলৈ বাধ্য হৈছে।
ভূপেন বৰাৰ কয়, "২৫ লাখ নিবনুৱাক কাম দিব নোৱাৰিলেও ২৫ লাখ নিবনুৱাৰ হাতত মদৰ বটল দিবলৈ সাজু হৈছে বিজেপি চৰকাৰ।"
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|