এইবাৰ ভূপেন বৰাক উভতি ধৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক পানী নথকা ফায়াৰ ব্ৰিগেড বুলি কটাক্ষ মন্ত্ৰী পিযুষৰ। পীয়ুষ হাজৰিকাই কয়, "তেওঁৰ ফায়াৰ ব্ৰিগেডত পানী থাকিলেহে জুই নুমুৱাব।" উল্লেখ্য যে ভূপেন বৰাই আজি এটা কবিতা লিখি নজকে ফায়াৰ ব্ৰিগেডৰ সৈতে তুলনা কৰিছিল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক আক্ৰমণ কৰিছিল।
ভূপেন বৰাৰ কবিতাৰ পিছতে মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে ভূপেন বৰাই আজিকালি নতুন পেছা আৰম্ভ কৰিছে, কবিতা লিখা। "ভূপেন বৰাই কবিতা লিখা আৰম্ভ কৰিছে কাৰণ তেওঁ জানে যে তেওঁ আৰু কোনো নিৰ্বাচনত জিকিব নোৱাৰে। তিনিটা নিৰ্বাচনত তেওঁ ক্ৰমান্বয়ে হাৰিছে। ভূপেন বৰা এজন ফেইলড পলিটিচিয়ান। গতিকে তেঁও নতুন পেছা এটা লৈছে কবিতা লিখা কাম। ভূপেন বৰাৰ নতুন পেছাক মই শুভেচ্ছা জনাইছোঁ।"
বুধবাৰে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ বাসগৃহত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰীকাই।
পীয়ুষ হাজৰিকাই আকৌ কয় যে আমি ৰাজ্যসভাৰ দুয়োখন আসনতে জয় লাভ কৰিম।"ৰাজ্যসভাৰ দুয়োখন আসনৰ বাবে ৮৪ টা ভোটৰ প্ৰয়োজন আৰু আমি দুয়োখনতে জিকিম" বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষে।
আচলতে কংগ্ৰেছ সভাপতি ভূপেন বৰাই কি কবিতা লিখিছিল পঢ়ক-
মই ‘ফায়াৰ ব্রিগেড'
বজাৰত জ্বলিছে জুই
চৰকাৰ আছে শুই
নিবনুৱাৰ বুকুতো জ্বলিছে জুই
বুলেট খাই কীর্তিকমল আছে শুই
দুখীয়াৰ পেটতো জ্বলিছে জুই
শুদা চাউল এমুঠি খাই আমিও আছোঁ শুই
পুলিচ পিটিকা হ'ব অপৰাধী ধৰিলে
সংবাদ সোপা দিব ৰাজমাতাৰ খবৰ ছপালে
মিজো সীমান্ততো জ্বলি আছে জুই
দেখিছিলোঁ তাত চকুৰ পানীৰ নৈ
জাতি-মাটি-ভেটি এৰি দিব গৈ
মেঘালয়ে আদৰিব বৰপীৰা লৈ
গণতন্ত্র তোমাৰ মন্ত্ৰ, ন্যায়, সমতা, স্বাধীনতা আৰু ভাতৃত্ব আজিৰ অসমত সকলো লাঞ্ছিত-বঞ্চিত
ছেম, দীপাঞ্জল, বিজেন্দ্ৰ, আলিম আৰু ঈশ্বৰেও দেখিলে জুই
তেজে ধোৱা পঞ্চ-শ্বহীদ দেশমাতৃৰ কোলাত আছে শুই
খৰি ফলাদি জাতিক ফালিছে
দাউদাউকৈ যেন জ্বলিছে জুই
জাতিৰ মূৰত জ্বলিছে হৃদয়তো জাতিৰ একুৰা জুই
চৰকাৰ তই জ্বলাইছ
মই নুমুৱাম
ময়েই ‘ফায়াৰ ব্রিগেড' হৈ পানী ছটিয়াম, মই জুই নুমুৱাম।
কবি- ভূপেন কুমাৰ বৰা
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|