বৰাক উপত্যকাত ভয়ংকৰ বান পৰিস্থিতি প্ৰায় নিয়ন্ত্ৰনত অহাৰ পিছত বন্যাৰ্তৰ বুজ ল'বলৈ চৰিদিনৰ কৰ্মসূচী লৈ বৰাক উপত্যকাত উপস্থিত হয় AIUDF প্ৰধান বদৰুদ্দিন আজমল ৷ বদৰুদ্দিন আজমলে (Badaruddin Ajmal) উপস্থিত হয় বদপুৰত। পানী হ্ৰাস পোৱা ঠাইত খন্তেক চকু ফুৰাই বান নিয়ন্ত্ৰনৰ বাবে নেদেখাজনৰ ওচৰত দোৱা কৰে।
পিছে বান পৰিস্থিতিৰ বুজ ল'বলৈ আহিলেও উপস্থিত সাংবামাধ্যমৰ সম্মুখত কংগ্ৰেছ (Congress)ক গালি পাৰিবলৈ নেৰিলে আজমলে। আজমলে কয় যে ভূপেন বৰা (Bhupen Bora) কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছতে কংগ্ৰেছক নিশ্চিহ্ন কৰি দিছে |
ৰাষ্ট্ৰপতি নিৰ্বাচন (President Poll)ত প্ৰসংগত মন্তব্য কৰি কয়, "আমি কংগ্ৰেছ বা বিজেপিৰ হাতত বিক্ৰী যোৱা নাই | ভূপেন বৰা এজন পাগল আৰু পাগলৰ কাৰণেই কংগ্ৰেছৰ নাও বুৰিছে। ছোনিয়া (Sonia Gandhi) মেডামে অসম কংগ্ৰেছত পাগল এজন বহুৱাই ৰাখিলে বুলি সেই পাগলৰ কথা AIUDFএ শুনিব লাগিব, এনে কোনো কথা নাই ।"
আজমলে আকৌ কয়, অসমৰ বান পৰিস্থিতি অতি বেয়া হৈ আছে | অসমৰ বৰ্তমান চৰকাৰে অসমৰ বানপানীক গুৰুত্ব দিয়া নাই । মুখ্যমন্ত্রী হিমন্থ বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই কেন্দ্ৰক হেঁচা দিব পাৰা নাই।" ইমানেই নহয়, প্ৰয়োজনত তেঁও মুখ্যমন্ত্রীক লৈ গৈ প্ৰধানমন্ত্ৰীক হেঁচা দিবলৈ প্ৰস্তুত আছে বুলি কয় বদৰুদ্দিন আজমলে । আনহাতে বৰাক উপত্যকাত ভয়ংকৰ বানপানীয়ে ক্ষতিগ্ৰস্ত ৰাইজৰ সহায়ৰ বাবে ২০ হেজাৰ কোটি টকা পেকেজৰ বাবে কেন্দ্ৰীয় চৰকাৰ অচৰত দাবী কৰা দৰকাৰ বুলি মন্তব্য কৰে আজমলে।
আনফালে বানপানীক লৈ তৃণমূল নেত্ৰী সুস্মিতা দেৱ (Sushmita Dev)ৰ বিৰুদ্ধেও তীক্ষ্ণ মন্তব্য কৰে আজমলে । শিলচৰৰ প্ৰাক্তন সাংসদগৰাকীয়ে শিলচৰৰ বানপানীক পাত্তাই দিয়া নাই । সুস্মিতা দেৱে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখি আছে বুলি আজমলে কটাক্ষ কৰে।
Published by: Manjumoni Borah
FIRST PUBLISHED : July 04, 2022, 21:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।