• Home
  • »
  • News
  • »
  • assam
  • »
  • কংগ্ৰেছত থকা দুই নাৱত দুই ভৰিৰ মানুহসকলে এতিয়া সিদ্ধান্ত লোৱাৰ সময় বুলি মন্তব্য ভূপেন বৰাৰ, মুখ্যমন্ত্ৰীক কি শপত খাবলৈ ক’লে বৰাই?

কংগ্ৰেছত থকা দুই নাৱত দুই ভৰিৰ মানুহসকলে এতিয়া সিদ্ধান্ত লোৱাৰ সময় বুলি মন্তব্য ভূপেন বৰাৰ, মুখ্যমন্ত্ৰীক কি শপত খাবলৈ ক’লে বৰাই?

হিমন্ত বিশ্ব শৰ্মাৰ লগত ব্যক্তিগত শত্ৰুতা নাই বুলি মন্তব্য কৰি ভূপেন বৰাৰ মন্তব্য, মই মুখ্যমন্ত্ৰীৰ আসনত থকা মানুহজনকহে সমালোচনা কৰো।

  • Share this:
ৰিপুণ বৰাৰ পিছতে যিকেইজন গৈছে সেইকেইজন পূৰ্বৰ পৰা কংগ্ৰেছীও হয় আৰু ৰিপুণ বৰাৰ অনুগামীও হয়। কংগ্ৰেছত থকা দুই নাৱত দুই ভৰিৰ মানুহসকলে এতিয়া সিদ্ধান্ত লোৱাৰ সময়। এই মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ।

AIUDF প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাই কয়, ‘‘AIUDF ৰ লগত এতিয়া চেপ্তাৰ অভাৰ। এতিয়া আমি নিজেই কাম কৰিম। বিজেপিক আমুৱালে ৰাইজে নিজেই সিদ্ধান্ত ল'ব।’’

এপিচিচিৰ সভাপতিগৰাকীয়ে কয়, ৰাইজৰ  আমাৰ প্ৰতি খং মাৰ যোৱা নাই। খং মাৰ গ'লে ৰাইজে সুযোগ দিব। আমি অধৈৰ্য হোৱা নাই, নিৰ্দিষ্ট সময়লৈকে ৰৈছো। যদি প্ৰতিশ্ৰুতি দিয়া সকলো হৈ যায় মই একো নামাতো।

সংখ্যালঘু দুজন বিধায়কক Disqualify কৰিবৰ বাবে অধ্যক্ষলৈ চিঠি লিখা হৈছে বুলি মন্তব্য কৰি বৰাই কয় যে আইনমতে অধ্যক্ষই কাম কৰিলে তিনিজন বিধায়কৰ বিধায়ক পদ খাৰিজ হ'ব । আইনমতে কাম নকৰিলে আমি আইনৰ সহায় ল'ম।

হিমন্ত বিশ্ব শৰ্মাৰ লগত ব্যক্তিগত শত্ৰুতা নাই বুলি মন্তব্য কৰি ভূপেন বৰাৰ মন্তব্য, মই মুখ্যমন্ত্ৰীৰ আসনত থকা মানুহজনকহে সমালোচনা কৰো।

ইফালে, গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনক লৈ বৰাই কয়, বিজেপিৰ সমান আমাৰ টকা নাই সেইবাবে আমি GMC নিৰ্বাচনত ডাঙৰ মিটিং পাতিব পৰা নাই। আমাৰ কমিছনৰ পইছা নাহে। অভাৰব্ৰীজ, ফুটব্ৰীজৰ কমিছনৰ টকা আমি নাপাওঁ, সেইকাৰণে ডাঙৰ মিটিং পাতিব নোৱাৰিলো।

মুখ্যমন্ত্ৰীক সমালোচনা কৰি ভূপেন বৰাই কয়, ‘‘কামাখ্যা নহ'লে বটদ্ৰৱা থানলৈ মোৰ লগত ব'লক হিমন্ত বিশ্ব শৰ্মাই দল সলনি নকৰো বুলি শপত খাবলৈ। কিন্তু হিমন্ত বিশ্ব শৰ্মাই নোৱাৰে। মুখ্যমন্ত্ৰীৰ চকীখন মেজিক চেয়াৰ। এতিয়া ডাঙৰ মেজিচিয়ান বহিছে। সেইকাৰণে মানুহ আহিছে।’’
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি