অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপ (AAP) দলৰ উত্থান সম্পৰ্কেও দিলে মত
অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপ (AAP) দলৰ উত্থান সম্পৰ্কেও দিলে মত
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত (GMC Election) অসম প্ৰদেশ কংগ্ৰেছে এখনো আসন লাভ কৰিব নোৱাৰিলে। ৫৪টা ৱাৰ্ডৰ এটা ৱাৰ্ডো দখল কৰিব নোৱৰাক লৈ কোকৰাঝাৰ ভ্ৰমণৰত ভূপেন বৰাক এই সন্দৰ্ভত সোধা হৈছিল। কংগ্ৰেছৰ সভাপতিগৰাকীয়ে স্বীকাৰ কৰিলে জিএমচি নিৰ্বাচনত কংগ্ৰেছ দলৰ বেয়া হৈছে৷
কোকৰাঝাৰ চহৰস্থিত জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰণেন্দ্ৰ ভৱনত জিএমচি নিৰ্বাচন সন্দৰ্ভত সাংবাদিকে প্ৰতিক্ৰিয়া জানিব বিচৰাত বৰাই কয় যে জিএমচি নিৰ্বাচনত আমাৰ বেয়া হৈছে। কিন্তু বিজেপিৰ ৫৮খন আসন লাভক লৈও আগবঢ়াই মন্তব্য। তেওঁ কয়- ''বিজেপিকো গুৱাহাটীবাসী ৰাইজে শেষ সুযোগ প্ৰদান কৰিছে৷ জুন মাহত গুৱাহাটীবাসী ৰাইজে পানী পালে ভাল কথা৷''
আনহাতে, অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপ (AAP) দলৰ উত্থান সম্পৰ্কে পুনৰ সাংবাদিকে প্ৰশ্ন কৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এখন আসন পালেই উত্থান হোৱা বুলি ধৰি ল'ব নোৱাৰি৷
ঠিক তেনেদৰে কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা প্ৰসংগত কয়- ভূপেন বৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থকালৈকে এআইইউডিএফৰ স’তে মিত্ৰতা নহয়৷ এয়া মই নিজে অকলে কৰা নাই ৷ বৰঞ্চ কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীৰে হোৱা আলোচনা মৰ্মেহে এনে কৰা হৈছে বুলি কয়৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|