মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Congress : ভূপেন বৰাৰ ১৪ আসন দখলৰ দাবীৰ সময়তে নিজ দলৰ বিধায়ক ৰছিদে ক'লে- বিৰোধীয়ে পাব ১০ আসন

Assam Congress : ভূপেন বৰাৰ ১৪ আসন দখলৰ দাবীৰ সময়তে নিজ দলৰ বিধায়ক ৰছিদে ক'লে- বিৰোধীয়ে পাব ১০ আসন

কংগ্ৰেছে ০ পাব, বাওঁহাতৰে লিখি দিলোঁ: ৰূপজ্যোতি কুৰ্মী

কংগ্ৰেছে ০ পাব, বাওঁহাতৰে লিখি দিলোঁ: ৰূপজ্যোতি কুৰ্মী

কংগ্ৰেছে ০ পাব, বাওঁহাতৰে লিখি দিলোঁ: ৰূপজ্যোতি কুৰ্মী

  • Share this:
সময়তকৈ বহু আগতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ ১৪ আসন দখলৰ দাবীক কমাই আনি নিজ দলৰে বিধায়কে কৰিলে গৈ ১০ ৷ বিৰোধী মহাজোঁটে দহখন আসন পাব বুলি নতুন সমীকৰণ দিয়া কংগ্ৰেছী বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ  মন্তব্যৰ পিছতে কংগ্ৰেছক পুনৰ আক্ৰমণ কৰিলে বিৰোধী AIUDF আৰু শাসকীয় BJPয়ে ৷

মাজত এটা বছৰ ৷ কিন্তু লোকসভা নিৰ্বাচনৰ ১৪ খন আসনৰ অংক বৰ বেয়াকৈ মিলোৱাত লাগি গৈছে শাসক আৰু বিৰোধীয়ে ৷ শাসকীয় পক্ষই ১৪ৰ ভিতৰত ১২খন দখলৰ দাবী কৰিছে ৷ ইয়াৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ১৪খনৰ ১৪খনেই দখল কৰিব বুলি দি দিলে নতুন সমীকৰণ ৷ বিৰোধীৰ দহটা ৰাজনৈতিক দল একগোট হৈ লোকসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ব্লুপ্ৰিণ্ট ৰচিছে কংগ্ৰেছে ৷ কিন্তু সভাপতি ভুপেন বৰাৰ অংক যে ভুল— তাৰ খতিয়ান বৃহস্পতিবাৰে দি দিলে নিজ দলৰে বিধায়ক এইজন আব্দুৰ ৰছিদ মণ্ডলে। বিধায়ক মণ্ডলে ক'লে- “বিৰোধীয়ে পাব ১০খন আসন ৷”

সভাপতি ভূপেন বৰাৰ হিচাপতকৈ কিয় কমিল ৰছিদ মণ্ডলৰ হিচাপ? সাংবাদিকৰ উত্তৰত মণ্ডলে ক'লে- “এয়া দলৰ নহয়, তেওঁৰ নিজা হিচাপ৷”

কংগ্ৰেছৰ এই হিচাপ নিমিলা অংকৰ বিষয়ত মাত দিলে AIUDFৰ বিধায়ক আমিনুল ইছলামে ৷ আমিনুলৰ মতে— “আসন মাত্ৰ ১৪খন। তাকেই বিৰোধীয়ে ১৪, কোনোবাই ১০, কোনোবাই ১২ পাম বুলি কৈ আছে ৷ আমি বেছি কথা নকওঁ। আমি AIUDFয়ে ৪-৫খন আসন পাম ৷”

কংগ্ৰেছ-AIUDFৰ এই অংক মিলোৱাৰ প্ৰচেষ্টাৰ মাজতে ভূপেন বৰা আৰু কংগ্ৰেছক সমালোচনা কৰি BJPৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ক'লে- বাঁওহাতেৰে লিখি দিছোঁ, কংগ্ৰেছে শূন্য পাব ৷ বাঁওহাতেৰে ওলটাকৈও লিখি দিছোঁ— কংগ্ৰেছে শূন্য পাব ৷”

এনেকৈয়ে এতিয়া চলিছে ৰাজ্যত ১৪ আসন দখলৰ অংক ৷ নিমিলা অংক ৷

শেহতীয়া বাতৰি