মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা APCC সভাপতি ভূপেন বৰাৰ ! AIUDFৰে মিত্ৰতা আৰু মহাজোঁট সন্দৰ্ভত কি ক'লে সভাপতিয়ে ?

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা APCC সভাপতি ভূপেন বৰাৰ ! AIUDFৰে মিত্ৰতা আৰু মহাজোঁট সন্দৰ্ভত কি ক'লে সভাপতিয়ে ?

News18 Assam | News18-Assam
Updated:August 28, 2021, 10:48 PM IST
ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা APCC সভাপতি ভূপেন বৰাৰ ! AIUDFৰে মিত্ৰতা আৰু মহাজোঁট সন্দৰ্ভত কি ক'লে সভাপতিয়ে ?
অসমৰ ৰাজনীতিক কলুষিত কৰিছে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷  মুখ্যমন্ত্ৰী গৰাকীয়ে অশুভ ৰাজনীতি আৰম্ভ কৰিছে ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি হিচাপে প্ৰথম বাৰলৈ তামুলপুৰত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আজি তীব্ৰ ভাষাৰে সমালোচনা কৰে ভূপেন বৰাই ৷

  • Share this:

বাক্সাৰ তামুলপুৰ ৰাজীৱ ভৱনত আজি  উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ আৰু বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। তামুলপুৰ বিধানসভা সমষ্টিত হ'বলগীয়া উপ নিৰ্বাচন সন্দৰ্ভত তামুলপুৰত কংগ্ৰেছৰ দলৰ তৃণমুল কৰ্মীৰ সৈতে সভাত অংশগ্ৰহণ কৰে কংগ্ৰেছ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ আৰু বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াই ৷ সভাৰ শেষত কংগ্ৰেছ দলৰ নৱ নিযুক্ত সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয় যে তামুলপুৰৰ ৰাইজৰ ওপৰত বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ কোনো আস্থা আৰু বিশ্বাস নাছিল বাবে ৰাইজৰ কন্ঠ চেপি ধৰিবলৈ বিধানসভা নিৰ্বাচনত মহাজোটৰ প্ৰাৰ্থীগৰাকীক প্ৰতিদ্বন্দিতাৰ পৰা আঁতৰাই নিছিল ৷ সেয়ে সমাগত উপ নিৰ্বাচনৰ জৰিয়তে তামুলপুৰৰ ৰাইজে এইবাৰ বিজেপিক উচিত উত্তৰ দিব ৷ অৱশ্যে আগন্তুক উপ নিৰ্বাচনত তামুলপুৰত কংগ্ৰেছ দলে প্ৰাৰ্থী দিব নে নিদিয়ে সেয়া বুথ সমিতিসমূহে নিৰ্ধাৰণ কৰিব বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰে ৷ তেওঁ কয় প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ ক্ষেত্ৰত বুথ সমিতিসমূহে সিদ্ধান্ত ল'ব ৷ তেওঁলোকে নিজাববীয়া কৈ খেলিব নে কোনো দলৰ প্ৰাৰ্থীক সমৰ্থন জনাব ৷ আনহাতে এ আই ইউ ডি এফ আৰু মহাজোট সম্পৰ্কত সভাপতিগৰাকীয়ে কয় যে আমি এইবাৰ  দিল্লীলৈ নাযাওঁ। ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীয়ে আমাক কৰ্তৃত্ব দিছে ৷ সেয়ে আলোচনা কৰি সিদ্ধান্ত লম। ইফালে বিপিএফ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে কংগ্ৰেছ সভাপতিগৰাকীয়ে ৷ মহাজোটৰ পৰা বিপিএফ যদি আঁতৰি যায় ই কংগ্ৰেছ দলৰ  কাৰণে সোণালী সুযোগ বুলি জানিব দিয়ে ৷ কিয়নো বিগত সময়চোৱাত বিটিআৰ অঞ্চলত কংগ্ৰেছ দলৰ কৰ্মী সকলে কোনো স্বাধীনতা পোৱা নাছিল ৷ এইবাৰ তেওঁলোকে সুযোগ লাভ কৰিব ৷ আনহাতে তামুলপুৰত কংগ্ৰেছ নেতা তথা লোকসভাৰ সাংসদ গৌৰৱ গগৈ উপস্থিত থাকি বিজেপি দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ বিজেপি দলে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰি পিচত দিল্লীলৈ পঠোৱা কাৰ্যক সমালোচনা কৰি কয় যে বিজেপিয়ে আশীৰ্বাদ যাত্ৰা নহয় ক্ষমাযাত্ৰা উলিয়াব লাগে ৷ কাৰণ বিজেপি দলে ৰাইজৰ আস্থা আৰু বিশ্বাসক প্ৰতাৰণা কৰিছে ৷ সাংসদ গগৈয়ে উপনিৰ্বাচন সন্দৰ্ভতো কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে । উল্লেখ্য যে আজিৰ সভাত বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ উপৰিও বাক্সা জিলাৰ ভিন্ন প্ৰান্তৰ কংগ্ৰেছ নেতা- কৰ্মীসকল উপস্থিত আছিল ৷
Published by: Kokil Sarma
First published: August 28, 2021, 10:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি