ৰাজ্য উপ–নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ ১০০ শতাংশই জয় হ'ল। ফলাফল ঘোষণাৰ পিছত আজি বিয়লি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে অসমৰ ৰাইজৰ ৰায় কংগ্ৰেছ দলে সানুনয়ে স্বীকাৰ কৰি লৈছে৷ বৰাই উপ-নিৰ্বাচনৰ ফলাফল শাসনাধিষ্ঠিত দলটোৰ সপক্ষে যোৱাটো একপ্ৰকাৰ অৱধাৰিত বুলি উল্লেখ কৰে।
এক প্ৰেছ বিবৃতিত বৰাই কয় যে পূৰ্বৱৰ্তী উপ-নিৰ্বাচনসমূহৰ ফলাফলেও এই শিক্ষাই দি থৈ গৈছে। ৰাজ্যৰ শাসনত বৰ্তমান বিজেপি চৰকাৰ থকাত ৰাইজে বিজেপিৰ পক্ষতে এই উপ-নিৰ্বাচনত ভোটদান কৰিছে বুলি প্ৰকাশ কৰে তেওঁ। ফলাফল ঘোষণা হোৱাৰ পিছতে কংগ্ৰেছ সভাপতি বৰাই ৰাজীৱ ভৱনত সাংবাদিকৰ আগত কয়- 'স্বাভাৱিকতে ৰাজনৈতিক দল হিচাপে আমি নিৰ্বাচনত জয়লাভ কৰিলে আনন্দিত হ'লোঁহেঁতেন, কিন্তু পৰাজিত হ’লোঁ বাবেও আমি হতাশ হোৱা নাই৷' সৰ্বসাধাৰণ ৰাইজে চৰকাৰত থকা দলটোৰ পক্ষত থাকিলে নিজৰ অঞ্চলটোৰ উন্নতি সম্ভৱ হৈ উঠিব বুলি ধাৰণা কৰি লয় আৰু সেয়া একান্ত স্বাভাৱিক কথা।
ভূপেন কুমাৰ বৰাই আৰু কয় যে পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছ, শাক-পাচলি, দাইল, মিঠাতেলকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অভিলেখ হাৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিবাদৰ প্ৰতীক হিচাপে কংগ্ৰেছ দলে এই নিৰ্বাচনটোক গ্ৰহণ কৰিছিল, যাতে ৰাইজে ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ চৰকাৰখনক এইবোৰ অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্যমান নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য কৰাব পাৰে৷ ৰাজকোষৰ ধনৰ অবাধ অপব্যৱহাৰৰ বিৰুদ্ধে এই নিৰ্বাচনত ৰাইজে চৰকাৰখনৰ বিৰুদ্ধে মত সাব্যস্ত কৰিব বুলি কংগ্ৰেছ দলে আশা কৰিছিলে৷
তেওঁ লগতে ২০১৯ চনৰ পৰা এতিয়ালৈকে ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে মুঠ ৩২৪৩ গৰাকী ব্যক্তিয়ে ৰাজ্যত আত্মহত্যা কৰাৰ প্ৰসংগ টানি ২০২০ চনত আত্মহত্যাৰ হাৰ ৩৬ শতাংশ বৃদ্ধি পোৱা কথা উল্লেখ কৰি ''এয়াই নেকি জনকল্যাণমুখী বিজেপি চৰকাৰৰ জনকল্যাণৰ নমুনা?'' বুলি প্ৰশ্ন কৰে।
বৰাই উপ–নিৰ্বাচনৰ সময়ত কেউটা সমষ্টিতে দিনে-নিশাই দলৰ হৈ অশেষ কষ্ট স্বীকাৰ কৰা প্ৰতিগৰাকী নেতা, কৰ্মীলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|