• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘পগলা ফাটেকত নথকা সত্যৰঞ্জনক জে’লত ভৰাওক চৰকাৰে’ : জাকিৰ হুছেইন শিকদাৰ

‘পগলা ফাটেকত নথকা সত্যৰঞ্জনক জে’লত ভৰাওক চৰকাৰে’ : জাকিৰ হুছেইন শিকদাৰ

শিকদাৰে পুনৰ ক'লে- “অসমত হিন্দু-মুছলমানৰ মাজত কাজিয়া লগাবলৈ কৰা মন্তব্যৰ পাছতো চৰকাৰ-আৰক্ষীয়ে ব্যৱস্থা লোৱা নাই সত্যৰঞ্জনৰ বিৰুদ্ধে৷”

  • Share this:
বিৰ্তকিত মন্তব্য কৰি ৰাজ্যত কেতবোৰ অশান্তিকৰ পৰিৱেশৰ সূচনা কৰি অহা সত্যৰঞ্জন বৰা নামৰ লোকজনৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈ উঠিল প্ৰদেশ কংগ্ৰেছ (APCC)ৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ৷ সত্যৰঞ্জনে শেহতীয়াকৈ এটা ফেচবুক প'ষ্ট কৰিছে৷

সত্যৰঞ্জন বৰাই কৰা ফেচবুক প'ষ্টটোৰ সন্দৰ্ভত সোমবাৰে জাকিৰ হুছেইন শিকদাৰে ক'লে- “অসমৰ পগলা ফাটেকত নথকা এট পাগল হ'ল সত্যৰঞ্জন বৰা৷ এনে ব্যক্তিৰ বিৰুদ্ধে অনিচ্ছাসত্ত্বেও ক'বলগীয়া হৈছে৷ ইছলাম ধৰ্মক লৈ এটা অসংবিধানিক শব্দ ব্যৱহাৰ কৰিছে, হজৰত মহম্মদক লৈ বেয়া শব্দ প্ৰয়োগ কৰিছে এই সত্যৰঞ্জনে৷”

শিকদাৰে পুনৰ ক'লে- “অসমত হিন্দু-মুছলমানৰ মাজত কাজিয়া লগাবলৈ কৰা মন্তব্যৰ পাছতো চৰকাৰ-আৰক্ষীয়ে ব্যৱস্থা লোৱা নাই সত্যৰঞ্জনৰ বিৰুদ্ধে৷ এফালে বিধায়ক শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰ কৰিছে, আনফালে সত্যৰঞ্জন এতিয়াও মুক্ত৷ চৰকাৰ-আৰক্ষীৰ ভূমিকা সন্দেহজনক, আইন সকলোৰে বাবে বেলেগ বেলেগ নেকি? এনে ব্যক্তিক ৰাইজে ব্লক কৰিব লাগে, চৰকাৰে নাকী লগাব লাগে৷ সত্যৰঞ্জনৰ বিৰুদ্ধে ব্যৱস্থা নল'লে আমি তীব্ৰ আন্দোলন কৰিম৷”
Published by:Sanjay Kumar Das
First published: