অসম বিধানসভাৰ উপ নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত ভিৰ কৰিছে নেতা পালিনেতাই।দেওবাৰে শিৱসাগৰৰ শিৱদৌলত আশীষ ল'লে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে । তেওঁক সংগ দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, সাংসদ ৰিপুণ বৰা, বিধায়ক দেৱব্ৰত শইকীয়াই।
শিৱদৌলৰ পৰা ওলায়েই বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে জীতেন্দ্ৰ সিং । বিজেপিয়ে অসম খনক ভাগ ভাগ কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা গৰাকীয়ে। ইপিনে সুশান্ত বৰগোঁহাইয়ে কেৱল কংগ্ৰেছেকে নহয়, সাধাৰণ ভোটাৰ ৰাইজক চৰম বিশ্বাসঘাটকতা কৰিলে বুলি মন্তব্য কৰে জিতেন্দ্ৰ সিঙে।
তদুপৰি অসমৰ মুখ্যমন্ত্ৰী ৰাকীয়েই বিৰোধী দলৰ বিধায়ক বিজেপি লৈ গ'লে ২০০০ কোটি টকাৰ পেকেজ দিব বুলি যি প্ৰলোভন দিছে সেয়া সমগ্ৰ দেশৰ বাবেই বিপজ্জনক বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। জীতেন্দ্ৰ সিঙে কয় " মই সমগ্ৰ দেশৰ ৰাজনীতিতে সক্ৰিয় হৈ থাকো। কিন্তু হিমন্ত বিশ্ব শৰ্মাই যি কিনা বেচা ৰাজনীতি কৰিছে এনেকুৱা দৃশ্য ক'তো দেখা নাই। দেশ তথা অসমৰ ৰাজনীতিৰ বাবে, গণতন্ত্ৰৰ বাবে এয়া দুখৰ কথা "।
আনহাতে অসমীয়া ভাষা আৰু বৰাককলৈ হৈ থকা বিতৰ্ক সন্দৰ্ভতো বিজেপিৰ প্ৰতি আঙুলি টোৱাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই। বৰাই এই সন্দৰ্ভত কয় যে,"বিজেপিয়ে কেৱল হিন্দু মুছলমানৰ মাজতেই নহয়, অসম সকলো জাতি জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে ।"
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|