১৯৯৮ চনত ডাঃ জয়ন্ত ৰংপিৰ এটা ভোট নপোৱাৰ বাবেই তেতিয়া পতন হৈছিল অটল বিহাৰী বাজপেয়ী চৰকাৰৰ। কেৱল পতন হোৱাই নহয় তেতিয়া সদনত জয়ন্ত ৰংপিয়ে বিজেপিক দুৰাৰোগ্য ৰোগত আক্ৰান্ত দল বুলি অভিহিত কৰিছিল।
১৯৯৮ চনত ডাঃ জয়ন্ত ৰংপিৰ এটা ভোট নপোৱাৰ বাবেই তেতিয়া পতন হৈছিল অটল বিহাৰী বাজপেয়ী চৰকাৰৰ। কেৱল পতন হোৱাই নহয় তেতিয়া সদনত জয়ন্ত ৰংপিয়ে বিজেপিক দুৰাৰোগ্য ৰোগত আক্ৰান্ত দল বুলি অভিহিত কৰিছিল।
কংগ্ৰেছত পুনৰ আন এক আঘাত। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক মনভে ৰংপিয়ে ত্যাগ কৰিলে কংগ্ৰেছ। কংগ্ৰেছ ত্যাগ কৰা যুৱ নেতা মনভে ৰংপিয়ে শুকুৰবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত বিজেপিত আনুষ্ঠানিকভাৱে যোগ দিয়ে।
বাকপটু যুৱ নেতা মনভে ৰংপি হ'ল ডিফু সমষ্টিৰ চাৰিবাৰৰ প্ৰাক্তন সাংসদ তথা কাৰ্বি আংলং স্বায়িত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য ডাঃ জয়ন্ত ৰংপিৰ পুত্ৰ। এসময়ৰ কাৰ্বি পাহাৰৰ বলিষ্ট ASDCৰ নেতা ডাঃ জয়ন্ত ৰংপিয়ে এতিয়া CPI (ML) দলত আছে।
উল্লেখযোগ্য যে, ASDCৰ সাংসদ হৈ থাকোতে ১৯৯৮ চনত ডাঃ জয়ন্ত ৰংপিৰ এটা ভোট নপোৱাৰ বাবেই তেতিয়া পতন হৈছিল অটল বিহাৰী বাজপেয়ী চৰকাৰৰ। কেৱল পতন হোৱাই নহয় তেতিয়া সদনত জয়ন্ত ৰংপিয়ে বিজেপিক দুৰাৰোগ্য ৰোগত আক্ৰান্ত দল বুলি অভিহিত কৰিছিল। সেইটো বিজেপি দলতে শুকুৰবাৰে যোগদান কৰিলে জয়ন্ত ৰংপিৰ পুত্ৰ মনভে ৰংপিয়ে। বিজেপি সুত্ৰৰ পৰা জানিব পৰা মতে মনভে ৰংপিক গেৰুৱা দলটোৱে লুম্বাজং অথবা নিলিপ যিকোনো এটা সমষ্টিত টিকট দিব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|