মৌলনা বদৰুদ্দিন আজমলৰ এটা চুমাৰ বাবেই দলৰ পৰা বহিষ্কাৰ হ’বলগীয়া হ’ল অসম প্ৰদেশ কংগ্ৰেছৰ এজন নেতা। কামৰূপ গ্ৰাম্যৰ সোণতলী-টুপামাৰী জিলা পৰিষদৰ সদস্যক বহিস্কাৰ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ফালৰ পৰা জিলা পৰিষদৰ সদস্য ছাহজাহান আলীক ৬ বছৰৰ বাবে বহিষ্কাৰৰ জাননী প্ৰেৰণ কৰা হৈছে৷
উল্লেখযোগ্য যে, ৭ ডিচেম্বৰত AIUDF প্ৰধান বদৰুদ্দিন আজমলে কাছুমাৰাত AIUDF দলৰ উদ্যোগত আয়োজিত জন সমাৱেশত অংশ গ্ৰহণ কৰিবলৈ গৈ থকাৰ সময়ত সোণতলীস্থিত ছাহজাহান আলীৰ ঘৰত উপস্থিত হৈ চাহ-জলপান খাইছিল৷ তাৰ পিছতে ছাহজাহান আলীৰা সৈতে এক বিশেষ বৈঠকতো বহে আজমল৷ বৈঠকৰ অন্তক ছাহজাহানক ৰাজহুৱাভাৱে চুম্বন কৰিছিল AIUDFৰ সভাপতি বদৰুদ্দিন আজমলে৷ তাৰ পিছতেই জোকৰণিৰ সৃষ্টি হৈছিল সমগ্ৰ কংগ্ৰেছ মহলত৷
পিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে জিলা পৰিষদৰ সদস্য ছাহজাহান আলীক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা ৬ বছৰৰ বাবে বহিষ্কাৰ কৰে৷ অৱশ্যে কি কাৰণত বহিষ্কাৰ কৰা হৈছে কংগ্ৰেছী নেতাজনক সেই সম্পৰ্কে উল্লেখ নাই বহিষ্কাৰৰ জাননীখনত৷
- First Published :